অসম লাইভ ২৪ঃ নির্বাচন আয়োগৰ জাননী সন্দর্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হিমন্ত বিশ্ব শর্মাই। ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে। BTRত নির্বাচনী প্ৰচাৰকালত হাগ্ৰামা মহিলাৰীক আক্ৰমণৰ লক্ষ্য কৰি আপত্তিজনক মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। ইয়াৰ পাছতে কংগ্ৰেছ নির্বাচন আয়োগৰ কাষ চাপে। কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে কয়— ‘আমাৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়াত চাঞ্চল্যকৰ তথ্য উন্মোচিত হ’ব।’ তদুপৰি তেওঁ কয় বিটিআৰত নতুন উগ্ৰবাদী কার্যকলাপ সন্দর্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ সংবাদমাধ্যমে বিকৃতভাৱে প্ৰচাৰ কৰে। ইয়াৰ ভিত্তিত কংগ্ৰেছে নির্বাচন আয়োগৰ কাষ চপাত আয়োগে তেওঁলৈ জাননী প্ৰেৰণ কৰে। আৰু ইয়াৰ উত্তৰত চাঞ্চল্যকৰ তথ্য উন্মোচিত কৰাৰ স্বভাৱসুলভ দপদপনি মাৰিলে হিমন্ত বিশ্ব শর্মাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ