পাকিস্তানত পুনৰ গুলীয়াই হত্যা কৰা হৈছে এগৰাকী হিন্দু ব্যৱসায়ীক৷ নিহত ব্যৱসায়ীজন চতন লাল বুলি প্ৰকাশ কৰিছে পাকিস্তানৰ সংবাদ পত্ৰসমূহে৷
পাকিস্তানৰ স্থানীয় সংবাদ পত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা সোমবাৰে দেশখনৰ সিন্ধু প্ৰদেশৰ ঘোটকী জিলাৰ দাহাৰ্কী চহৰৰ নিজা বাসভৱনৰ পৰা মাত্ৰ ২ কিলোমিটাৰৰ দূৰত্বত গুলীয়াই হত্যা কৰা হৈছে হিন্দু ব্যৱসায়ীগৰাকীক৷
অভিযোগ অনুসৰি দাহাৰ সম্প্ৰদায়ৰ এক উগ্ৰপন্থীৰ সদস্যই চতন লাল নামৰ হিন্দু ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰে৷
উক্ত হত্যাকাণ্ডৰ পিছতে প্ৰদেশখনৰ হিন্দু লোকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ পাকিস্তানৰ সিন্ধু প্ৰদেশৰ আৰক্ষীয়ে দাহাৰ সম্প্ৰদায়ৰ নেতা অভিযুক্ত বাচল দাহাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰতিবাদী লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰি দিয়ে৷
ইফালে পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি দীৰ্ঘদিনৰ পৰা চতন লালক কট্টৰ দাহাৰ সম্প্ৰদায়ৰ উগ্ৰপন্থীয়ে মৃত্যুৰ ভাবুকি দি আহিছিল৷ কেইমাহমান পূৰ্বে ব্যৱসায়ীজনৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰা বুলি দাবী কৰিছিল৷
‘‘তেওঁলোকে মোক হত্যাৰ কৰাৰ, মোৰ চুকু ঘুকুটি পেলোৱাৰ, মোৰ হাত ভৰি কাটি দিয়াৰ ভাবুকি দি আছে৷ তেওঁলোকে মোক পাকিস্তান এৰি যাবলৈও ভাবুকি দিছে৷ মই এই দেশৰ আৰু মই ইয়াতেই মৰিবলৈ পচন্দ কৰিম, তথাপিও মই আত্মসমৰ্পণ নকৰো৷’’ চতন লালে দাবী কৰা অনুসৰি সংগঠনটোৱে তেওঁৰ পৰা মাটি দাবী কৰি আহিছিল৷
নিহত ব্যৱসায়ীজনে এইদৰে কৈ পাকিস্তানৰ মুখ্য ন্যায়াধীশ আৰু কৰ্তৃপক্ষক ন্যায় প্ৰদানৰ লগতে নিৰাপত্তা দিবলৈও দাবী কৰি আহিছিল৷
উল্লেখ্য যে মাজে মাজে পাকিস্তানত ধৰ্মীয় সংখ্যালঘু হিচাপে হিন্দু লোকে অত্যাচাৰৰ সন্মুখীন হৈ আহিছে৷ যোৱা জানুৱাৰীৰ প্ৰথম ভাগতে সিন্ধু প্ৰদেশতে ৪৪ বছৰীয়া সুনীল কুমাৰ নামৰ অন্য এজন ব্যৱসায়ীকো হত্যা কৰা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ