বিতৰ্কিত যদিও সাহসী পদক্ষেপ। ২২ বছৰ বয়সীয়া মানচেষ্টাৰৰ তৰুণীয়ে অনলাইনত তেওঁৰ কুমাৰীত্ব নিলাম কৰি বিশ্বজুৰি খবৰৰ শিৰোনামত উঠিছে। শেষ পৰ্যন্ত ১৮ কোটি টকাত বিক্ৰি হৈছে তৰুণীৰ সম্ভ্ৰ্ম। এটা এছকৰ্ট এজেন্সিৰ প্লেটফৰ্মত আয়োজিত এই নিলামত ভাগ লৈছে ৰাজনীতিবিদ, ব্যৱসায়ী আৰু ছেলিব্ৰিটিসহ বিভিন্ন শক্তিশালী ব্যক্তিত্বৰ গৰাকীয়ে। শেষ পৰ্যন্ত হলীউডৰ এজন নামী তাৰকা এই নিলামত জয়ী হৈছে।
সংবাদমাধ্যম মিৰৰৰ প্ৰতিবেদন অনুসৰি ধৰ্মীয় আদৰ্শৰ মাজত ডাঙৰ হোৱা সেই তৰুণীয়ে তেওঁৰ সিদ্ধান্তৰ বাবে কোনো অনুশোচনা নাই বুলিও জনাইছে। নিজৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিবলৈ এই পদক্ষেপ বুলি ব্যাখ্যা কৰিছে সেই তৰুণীয়ে। তেওঁ কয়, ‘মই মুঠেও অনুতপ্ত নহয়। বহু কন্যাই তেওঁলোকৰ কুমাৰীত্ব হেৰুৱাই কিন্তু বিনিময়ত একো নাপায়। অন্তত মই মোৰ ভবিষ্যৎ নিশ্চিত কৰিছো।’
নিলামৰ মাধ্যেমেৰে সকলোৰে মনোযোগো আকৰ্ষণ কৰিছে তেওঁ। সমাজৰ ধনী ব্যক্তিসকলেই সেই নিলাময় অংশ লৈছিল। তৰুণীয়ে জনাইছে যে আগ্ৰহীসকলৰ মাজত বিশিষ্ট ৰাজনীতিবিদ আৰু ব্যৱসায়ীও আছিল। চুক্তি চূড়ান্ত হোৱাৰ পাছতেই ক্ৰেতাৰ উপস্থিতিত তেওঁ কুমাৰীত্ব নিশ্চিত কৰাৰ বাবে এটা মেডিকেল পৰীক্ষাও কৰাইছিল। সমগ্ৰ প্ৰক্ৰিয়াটোৰ গোপনীয়তা বজায় ৰখা হৈছিল। হলিউডৰ এক শীৰ্ষস্থানীয় অভিনেতাৰ ওচৰত তেওঁৰ কুমাৰীত্ব নিলাম কৰাৰ পাছতেই সেই তৰুণীয়ে তেওঁৰ বিতৰ্কিত সিদ্ধান্তৰ বাখ্যা দিছে। ব্ৰিটিছ যুৱতীগৰাকীয়ে কয়, ‘মই সুখী যে মই এনে সিদ্ধান্ত লবলৈ সাহস কৰিছো। কাৰণ মই এগৰাকী ব্যক্তি হিচাপে নিজৰ চিন্তাকো যুক্তিসংগত বুলি ভাৱিছো। মোৰ কুমাৰীত্ব হেৰুওৱাৰ সম্ভাৱনা এনে এক ব্যক্তিৰ পৰাই আছিল যিয়ে মোক ভৱিষ্যতে এনেও বিয়া নকৰায়। সেয়ে তেনে মানুহক মই কোনো মূল্য দিব লাগে নাভাৱো।’
যি অভিনেতাই সেই তৰুণীৰ কুমাৰীত্ব নিলামত কিনিছে তেওঁ জেফ্ৰি এপষ্টাইনৰ ব্যক্তিগত দ্বীপলৈকো গৈছিল। ধনী অভিনেতাৰ সৈতে নিশা কটোৱাৰ পাছত সেই তৰুণীয়ে এতিয়া ছুগাৰ বেবি লাইফষ্টাইল গ্ৰহণ কৰাৰো পৰিকল্পনা কৰা বুলি জনাইছে। তেওঁ এনে কাৰোবাক বিচাৰিছে যিয়ে প্ৰতিমাহে ৩০ হাজাৰ পাউণ্ড দিব। তেনে সংগীক বাচি লব তৰুণীয়ে।
তৰুণীৰ এই সিদ্ধান্তৰ ফলত যুৱতীগৰাকীৰ কুমাৰীত্বৰ ব্যৱসায় আৰু সামাজিক দৃষ্টিভংগীৰ পৰিবৰ্তনক লৈ ব্যাপক বিতৰ্কৰো জন্ম হৈছে। কুমাৰীত্বক দীৰ্ঘদিন ধৰি পবিত্ৰতাৰ প্ৰতীক হিচাপে চাই অহা হৈছে। বিশেষকৈ ৰক্ষণশীল সংস্কৃতিত। সেই তৰুণীৰ গল্পই এই প্ৰৱণতাক প্ৰতিফলিত কৰিছে যত ব্যক্তিগত পছন্দসমূহ আৰ্থিক বিবেচনাৰ দ্বাৰা প্ৰভাৱিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ