দ্ৰুতগতিত ইন্টাৰনেট পৰিসেৱাৰ বাবে সাজু হৈছে এয়াৰটেল। এয়াৰটেলৰ গ্ৰাহক হলে আপোনাৰ বাবেও আছে সুখবৰ। কাৰণ ভাৰতীয় এয়াৰটেল আৰু এলন মাস্কৰ কোম্পানী স্পেছএক্সে ভাৰতৰ ইণ্টাৰনেট সংযোগক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে হাত মিলাইছে। মঙলবাৰে এই চুক্তিৰ কথা জনাইছে এয়াৰটেলে। এই চুক্তিৰ অধীনত SpaceXৰ Starlink ছেটেলাইটে ইন্টাৰনেট পৰিসেৱা আৰম্ভ কৰিব ভাৰতত। সকলো ঠিকে ঠাকে আগবাঢ়িলেও এই চুক্তিত এতিয়াও ভাৰত চৰকাৰে অনুমোদন দিয়া নাই।
কি পৰিকল্পনা কৰিছে এয়াৰটেলে?
Airtel আৰু Starlinkয়ে ভাৰতত ইণ্টাৰনেট সংযোগ বৃদ্ধি কৰিবলৈ একেলগে কাম কৰিব। ইয়াৰোপৰি এয়াৰটেলে তেওঁলোকৰ ৰিটেল ষ্টোৰত ষ্টাৰলিংকৰ প্ৰডাক্ট বিক্ৰিও কৰিব পাৰে। এই ব্যৱসায়ত উচ্চ গতিৰ ছেটেলাইটে ইণ্টাৰনেট পৰিসেৱা সৰবৰাহ কৰিব পাৰে। গাওঁ অঞ্চলৰ স্কুল, স্বাস্থ্যসেৱা কেন্দ্ৰ আৰু প্ৰত্যন্ত অঞ্চলত ইণ্টাৰনেট সৰবৰাহ কৰিবলৈ দুই কোম্পানীয়ে একেলগে কাম কৰিব। ষ্টাৰলিংক ছেটেলাইট প্ৰযুক্তিৰ মাধ্যমেৰে এয়াৰটেলৰ বৰ্তমান নেটৱৰ্কক শক্তিশালী কৰিব। অন্য়হাতে স্পেছএক্সে এয়াৰটেলৰ গ্ৰাউণ্ড পৰিকাঠামো ব্যৱহাৰ কৰিবলৈ সক্ষম হব।
ছেটেলাইট ব্ৰডবেণ্ডৰ বাবে এয়াৰটেলৰ ইতিমধ্যেই ইউটেলছেট ৱানৱেৰৰ সৈতে এটা অংশীদাৰিত্ব আছে। Starlink-ৰ সৈতে এই নতুন চুক্তিয়ে Airtelক আৰু শক্তিশালী কৰিব। বিশেষকৈ যত ইণ্টাৰনেট এক্সেছ নাই তাতো কাম কৰিব ইণ্টাৰনেটে। অত্যন্ত প্ৰত্যন্ত অঞ্চলতো কাম কৰিব ইণ্টাৰনেটে।
পিটিআইক দিয়া এক সাক্ষাৎকাৰত এয়াৰটেলৰ মেনেজিং ডাইৰেক্টৰ আৰু ভাইছ চেয়াৰমেন গোপাল ভিট্টলে কৈছে, ভাৰতত এয়াৰটেলৰ গ্ৰাহকক ষ্টাৰলিংক পৰিসেৱা প্ৰদানৰ বাবে SpaceX ৰ সৈতে কাম আৰম্ভ কৰাটো এক গুৰুত্বপূৰ্ণ মাইলফলক। এই উদ্যোগে পৰবৰ্তী প্ৰজন্মক ছেটেলাইট সংযোগৰ প্ৰতি আকৰ্ষিত কৰিব।
স্পেছ এক্সে কি কৈছে?
স্পেছ এক্সৰ প্ৰেছিডেণ্ট গুৱেন শ্বটৱেলে কৈছে, ভাৰতত এয়াৰটেলৰ সৈতে Starlinkয়ে চুক্তি কৰি কাম কৰাৰ বাবে আগবাঢ়িছে। এয়াৰটেল টিমৰ ভাৰতৰ টেলিকম চেক্টৰত বিশেষ ভূমিকা আছে, তেওঁলোকৰ সৈতে কাম কৰাটো আমাৰ সঠিক পদক্ষেপ বুলি আমি ভাৱিছো।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এলন মাস্কৰ মাজত সাম্প্ৰতিক বৈঠকৰ কেই সপ্তাহ পাছতেই এই চুক্তি হৈছে। মোদীয়ে তেওঁৰ মাৰ্কিন যাত্ৰাৰ সময়ত মাস্কৰ সৈতে দেখা কৰিছে। তাতেই তেওঁ উদ্ভাৱন, মহাকাশ অনুসন্ধান, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছাচটেইনেবল ডেভেলপমেণ্টৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰিছে।
ভাৰতত Starlink-ৰ বাবে চেলেঞ্জ আৰু সুযোগ
এলন মাস্কে দীৰ্ঘদিন ধৰি ভাৰতত ষ্টাৰলিংক আনিবলৈ আগ্ৰহী হৈ আছিল। কিন্তু ৰেগুলেটৰি চেলেঞ্জ আৰু ৰিলায়েন্স জিঅৰ দৰে দেশীয় টেলিকম জায়ান্টৰ বিৰোধিতা আৰু অগ্ৰগতিৰ গতি কমাই দিছে। শেষত জিঅইয়ো আজি এয়াৰটেলৰ পাছতেই ষ্টাৰলিংকৰ সৈতে চুক্তি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ