বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰই একমাত্ৰ গ্ৰহ যিয়ে দ্ৰুতগতিত স্থান সলনি কৰে। কোনো এটা ৰাশিত প্ৰায় আঢ়ৈ দিন থাকে। ইয়াৰ ফলত কোনোবা নহয় কোনোবা গ্ৰহৰ সৈতে চন্দ্ৰৰ যুঁটি হয় বা দৃষ্টি পৰে। যাৰ ফলত শুভ অশুভ ৰাজযোগ তৈয়াৰ হয়। ইফালে বৃহস্পতিৰ দৃষ্টি চন্দ্ৰৰ ওপৰত পৰোতেই গজকেশৰী যোগ তৈয়াৰ হয়। যাৰ ফলত ৫৪ ঘণ্টা ধৰি বিপুল লাভৰ অধিকাৰী হব পাৰে একাধিক ৰাশিৰ জাতক জাতিকা৷ লাকী জাতকৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
এই সময়ত বৃষ ৰাশিৰ জাতক জাতিকা আনন্দেৰে ভৰি উঠিব৷ গাড়ী, মাটি, সম্পত্তি কিনাৰ সপোন পূৰণ হব পাৰে এই সময়ত৷ এই ৰাশিৰ নেতৃত্ব দিয়াৰ ক্ষমতা তৈয়াৰ হব৷ কৰ্মস্থলত কোনো ডাঙৰ দায়িত্ব পাব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
মিথুন ৰাশি
এই ৰাশিৰ চতুৰ্থভাৱে তৈয়াৰ হ’ব ৰাজযোগ৷ এই ৰাশিৰ জাতক জাতিকাই সুখ সম্পত্তিৰ মুখ দেখিব পাৰে৷ এই সময়ত ঘৰ বা ফ্লেট কিনাৰ যোগ আছে৷ পিতৃ মাতৃৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্য ভালে থাকিব৷ জীৱনলৈ সুখ আহিব৷
সিংহ ৰাশি
আয়ৰ বাবে নতুন ৰাস্তা খুলিব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷ ধনৰ স্থানত এই ৰাজযোগ তৈয়াৰ হৈছে৷ ফলত উপাৰ্জনৰ নতুন নতুন ৰাস্তা খুল খাব৷ জীৱনলৈ নানান ধৰণৰ সুখ আৰু আনন্দৰ সময় আহিব৷ শ্বেয়াৰ মাৰ্কেটত যদি টকা লগায় তেন্তে ভাল লাভ পাব পাৰে৷ শাৰীৰিক আৰু মানসিক সমস্য়াৰ পৰা মুক্তি পাব৷ দীৰ্ঘদিন ধৰি পাবলগীয়া ধন এইসময়ত লাভ কৰিব৷ কোনো ইচ্ছাপূৰণ হব পাৰে৷
কন্যা ৰাশি
গজকেশৰী ৰাজযোগত এই ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ নানান সুখ স্বাচ্ছন্দ্য আহিব পাৰে৷ নিজৰ যত্ন লওক৷ নিজৰ মাজত কোনো সাল সলনি আহিব পাৰে৷ ধনলাভৰ যোগ আছে৷
কৰ্কট ৰাশি
সকলো কামত ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব৷ এই সময়ত আকস্মিক ধনলাভ হব পাৰে৷ আপোনাৰ বহু ইচ্ছা পূৰণ হব পাৰে৷ জীৱনত নানান ধৰণৰ সুখ আহিব পাবে৷ আপুনি লক্ষ্য প্ৰাপ্তিত সফল হব৷
কেতিয়া আৰম্ভ হ’ব গজকেশৰী যোগ?
১৪ মাৰ্চ২০২৫ চনৰ দুপৰীয়া চন্দ্ৰই প্ৰৱেশ কৰিব কন্যা ৰাশিত৷ আৰু ১৭ মাৰ্চৰ বিয়লি ১ বাজি ১৫ মিনিট পৰ্যন্ত তাতেই থাকিব৷ এই সময়ত গুৰু বৃহস্পতি থাকিব বৃষ ৰাশিত৷ তাৰফলতেই তৈয়াৰ হ’ব গজকেশৰী যোগ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ