মাছৰুমৰ গুণাগুণ সম্পৰ্কে সকলোৱেই জ্ঞাত৷ আনকি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়েও নিয়মিত মাছৰুম খায়৷ কিন্তু ভুল প্ৰজাতিৰ মাছৰুম খালে কিমান মাৰাত্মক হব পাৰে তাৰ প্ৰমাণ পোৱা গ’ল অষ্ট্ৰেলিয়াত৷ সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ৩৭ বছৰীয়া এগৰাকী ব্যক্তি ফুৰিবলৈ আহিছিল অষ্ট্ৰেলিয়াত৷ তাতেই ঘটনাক্ৰমে চাৰি পাঁচটা বিশেষ ধৰণৰ মাছৰুম খাই পেলায়৷ আৰু তাতেই বিপত্তি৷ আৰক্ষীৰ দাবী তেওঁ যি বন্য মাছৰুম খাইছিল তাৰ তাৰ ছাইলোছাইবিন৷ এই মাছৰুম খালে ভয়ংকৰ নিচা হয়৷ এইক্ষেত্ৰত ব্যক্তিয়ে জ্ঞান হেৰুৱাই পেলায়৷
সেই ব্যক্তিয়ে নিচাতেই নিজৰ পুৰুষাংগ কাটি এটা সৰু টেমাত ভৰায় থয়৷ তাৰপিছতেই আৰম্ভ হয় প্ৰবল ৰক্তপাত৷ সেই অৱস্থাতেই তেওঁ ৰাস্তাৰে খোজ কাঢ়ি যোৱা প্ৰত্যক্ষদৰ্শীয়ে দেখা পায় তৎক্ষণাৎ প্ৰশাসনক খবৰ দিয়ে৷ হাস্পতালত ভৰ্তি কৰোৱা হয় সেই ব্যক্তিক৷ জৰুৰী বিভাগত ভৰ্তি কৰি চিকিৎসা কৰি থকা হৈছে ব্যক্তিজনৰ৷ প্ৰথমে ৰক্তপাত বন্ধ কৰি পাছত জটিল অস্ত্ৰোপচাৰৰ মাধ্যমেৰে জোৰা লগোৱা হৈছে টেমাত ভৰাই ৰখা লিংগৰ টুকুৰা৷ তাৰপিছতেই লিংগৰ দৈৰ্ঘ্য কমি যোৱা বুলিও জনাইছে চিকিৎসকে৷ ঘটনাৰ খবৰ প্ৰকাশ পাইছে বিজ্ঞানপত্ৰিকা মেগা জাৰ্নেল অফ চাৰ্জাৰিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ