সমগ্ৰ বিশ্বৰে সংবাদ শিৰোনাম দখল কৰা হলিউডৰ অভিনেতা জনী ডেপ আৰু এম্বাৰ হাৰ্ডৰ মানহানিৰ গোচৰ যেন শেষ হোৱাৰ নামেই নলয়! উল্লখ্য যে কিছুদিন পূৰ্বে জনী ডেপে তেওঁৰ প্ৰাক্তন পত্নী তথা হলিউদৰ অভিনেত্ৰী এম্বৰ হাৰ্ডৰ বিৰুদ্ধে দাখিল কৰা মানহানি গোচৰত জয়ী হৈছিল।
এই গোচৰৰ ৰায়দান হোৱাৰ কিছুদিন পিছতে পুনৰ এই বিষয়টোত এটা নতুন টুইষ্ট আহিছে। এটা আন্তঃৰাষ্ট্ৰীয় নিউজ প’ৰ্টেলৰ মতে, জনী ডেপ নপুংসকতাৰ বলি হৈছে। এম্বৰ হাৰ্ডৰ অধিবক্তাই এই দাবী কৰিছে যে আদালতৰ নথি-পত্ৰতে ইয়াৰ প্ৰমাণ আছে।
ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এম্বৰ হাৰ্ড আৰু জনী ডেপৰ এই আইনী যুদ্ধৰ ৬০০০ পৃষ্ঠাৰ নথি-পত্ৰ সম্পূৰ্ণৰূপে ৰাজহুৱা কৰা হৈছিল। য’ত কিছুমান চাঞ্চল্যকৰ তথ্য চৰ্চালৈ আহিছে।
লগতে পঢ়ক বেংকৰ পৰা ৩৫ লাখ টকা লৈ উধাও ১০ বছৰীয়া শিশু! চিচিটিভিত কেমেৰাত বন্দী দৃশ্য
আইনী যুঁজৰ এই ৬০০০ পৃষ্ঠাজোৰা নথিত উল্লেখ আছে যে এম্বৰৰ হাৰ্ডৰ আইনী দলে ২৮ মাৰ্চত আদালতৰ সন্মুখত যুক্তি কৈছিল যে জনীৰ কথিত অসুস্থতাক লৈ কৰাৰ প্ৰশ্নসমূহৰ উত্তৰতে ইয়াৰ প্ৰমাণ আছে বুলিও দাবী কৰা হৈছে৷
অভিনেতা ডেপে নিজে তেওঁৰ নপুংসকতাৰ বিষয়ে কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে এয়া যৌন হিংসা সংঘটিত কৰিবলৈ প্ৰৰোচনামূলক ষড়যন্ত্ৰও হ’ব পাৰে বুলিও কোৱা হৈছে। উল্লেখ্য যে ডেপে এম্বৰৰ যৌনাংগত বটল ভৰাই যৌন উৎপীড়ন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল৷ কোৱা হৈছে জনীয়ে হয়তো নপুংসকতাৰ চিকাৰ হৈ অথবা ষড়যন্ত্ৰমূলকভাৱে ক্ৰোধান্বিত হোৱা দেখুওৱাই এম্বৰৰ সৈতে এনে অমানৱীয় আচৰণ কৰিছিল৷
উল্লেখ্য যে ২০০৯ চনত জনী ডেপ আৰু এম্বৰ হাৰ্ডে ৰাম ডায়েৰী ছবিখনৰ চেটত লগ পাইছিল আৰু কেইবছৰমান ডেটিং কৰাৰ পিছত ২০১৫ চনত তেওঁলোকৰ বিবাহপাশত আৱদ্ধ হৈছিল। এই সময়ছোৱাত জনী ডেপৰ ফৰাচী অভিনেত্ৰী ভেনেছা পেৰাডিছৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল আৰু এম্বৰ হাৰ্ডে ফটোগ্ৰাফাৰ তাছিয়া ভেন ৰিৰ সৈতে ডেটিং কৰিছিল। পূৰ্বৰ প্ৰেমিক-প্ৰেমিকাৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ২০১১ চনৰ পৰা দুয়োৰে গোপনে সাক্ষাৎ আৰম্ভ হয়।
লগতে পঢ়ক অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ
২০১৪ চনত দুয়োৰে এংগেজমেণ্ট হৈছিল। এই খবৰটো ৰাজহুৱা হৈ পৰে যেতিয়া এম্বৰৰ আঙুলিত এংগেজমেণ্ট আঙুঠি পিন্ধি থকা এখন ফ’টো ভাইৰেল হৈছিল। তাৰ পিছত বাহামাৰ ডেপৰ ব্যক্তিগত দ্বীপত এক সৰু অনুষ্ঠানত দুয়োৱে বিবাহপাশত আবদ্ধ হয়।
২০১৬ চনত হাৰ্ডে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায় আৰু ডেপে তেওঁক ড্ৰাগছ বা মদ্যপান কৰি শাৰীৰিক নিৰ্যাতনৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ডেপে এই অভিযোগ অস্বীকাৰ কৰি ইয়াক এম্বৰে ভুৱা গোচৰ তৰি ক্ষতিপূৰণৰ লাভ কৰাৰ ষড়যন্ত্ৰ কৰা বুলিহে দাবী কৰে। ২০১৭ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।
ইয়াৰ পিছত ২০১৮ চনত ৱাশ্বিংটন পোষ্টত এম্বৰৰ এটা লেখাৰ পিছত ডেপে তেওঁৰ বিৰুদ্ধে মানহানিৰ বাবে মামলা কৰিছিল। ইয়াত ডেপৰ নাম নোলোৱাকৈয়ে তেওঁৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ