অবিশ্বাস্য হ’লেও সত্য যে এটি ১০ বছৰীয়া শিশুৱে ভাৰতীয় ষ্টেট বেংকৰ এটা বেংকৰ মূল শাখাৰ পৰা ৩৫ লাখ টকাৰ এটা বেগ লৈ উধাও হৈছে৷ চিচিটিভি কেমেৰাত এই সমগ্ৰ দৃশ্যৰাজি বন্দী হৈছে৷
ঘটনাটো পাটিয়ালাৰ৷ ঘটনাৰ বিৱৰণীৰ মতে এটি ১০ বছৰীয়া শিশুৱে এক সহযোগীৰ সৈতে বুধবাৰে পাটিয়ালাৰ শ্বেৰাণৱালাস্থিত ভাৰতীয় ষ্টেট বেংকৰ মূল শাখাৰ পৰা ৩৫ লাখ টকা ভৰ্তি এটা বেগ লৈ পলায়ন কৰে৷ শিশুটিৰ সৈতে অন্য কে’বাজনো সহযোগী থকা বুলিও ধাৰণা কৰা হৈছে৷
বেংকৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, পুৱা ১১.৩৫ বজাত এই ঘটনাটো সংঘটিত হৈছে৷ সেই সময়ত অন্য কৰ্মচাৰী আৰু কেচিয়াৰসকলে মূল শাখাৰ বাহিৰত অৱস্থিত এটিএমত নগদ ধন জমা কৰি আছিল। বেংকৰ ভিতৰত আৰু বাহিৰত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী কৰা হৈছে সমগ্ৰ ঘটনা। চিচিটিভিৰ ফুটেজ অনুসৰি, শাখাটোৰ কাউণ্টাৰৰ পৰা টকা ভৰ্তি বেগ এটা উঠাই নিয়াৰ পিছত দুয়ো বেংকৰ পৰা ওলাই আহি ই-ৰিক্সা লৈ পলায়ন কৰে।
লগতে পঢ়ক চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি
আৰক্ষীৰ মতে, শিশুটি ১০ বছৰীয়া হ’লেও আৰু তেওঁৰ সহযোগীৰ বয়স ২০-২৫ বছৰৰ ভিতৰত হ’ব আৰু দুয়োৱে ধন চুৰি কৰাৰ উদ্দেশ্যে বেংকলৈ আহিছিল। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে বেংকৰ বিষয়াসকলে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰে।
এছএছপি দীপক পাৰিকৰে প্ৰকাশ কৰিছে যে আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আছে। প্ৰাথমিক তদন্তত দেখা গৈছে যে বেংকৰ কোনো ব্যক্তিও ঘটনাৰ সৈতে জড়িত হৈ থাকিব পাৰে।
কেচিয়াৰে কেছ বেগটো মাত্ৰ তিনি-পাঁচ মিনিটৰ বাবেহে থৈ গৈছিল। এই সময়ত ইতিমধ্যে চকুত বহি থকা শিশুটিয়ে বেগটো লৈ পলায়ন কৰে। আৰক্ষীয়ে বিভিন্ন দল গঠন কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে অতি সোনকালেই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ