গণেশক সিদ্ধিদাতা বুলি কোৱা হয় কাৰণ তেওঁ সিদ্ধি প্ৰদানকাৰী৷ সিদ্ধি শব্দৰ অৰ্থ হৈছে সাফল্য বা কাৰ্যসিদ্ধি৷ হিন্দু ধৰ্মমতে কোনো শুভ কাম কৰাৰ পূৰ্বে অথৱা নতুন কোনো কাম আৰম্ভ কৰাৰ পূৰ্বে গণেশৰ পূজা কৰা হয়৷ কাৰণ বিশ্বাস কৰা হয় যে গণেশ পূজা কৰিলে সেই কামত কোনো বাধা নাহে আৰু সফলভাৱে সম্পন্ন হয়৷
ইয়াৰ নেপথ্যৰ পৌৰাণিক কাহিনী কি?
গণেশৰ সিদ্ধিদাতা হোৱাৰ আঁৰত কিছু পৌৰাণিক কাহিনী আছে৷ যাৰ মাজত দুটা কাহিনী বহুলভাৱে প্ৰচলিত৷
১. শ্ৰেষ্ঠতৰ প্ৰতিযোগিতা
এবাৰ দেৱতাসকলৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ চৰ্ত আছিল যে সকলো দেৱতাই এই প্ৰতিযোগিতাত অংশ লব লাগিব৷ আৰু প্ৰতিযোগিতা হৈছে যিয়ে সমগ্ৰ পৃথিৱীক প্ৰদক্ষিণ কৰি আকৌ নিৰ্দিষ্ট স্থানত আহি উপস্থিত হব লাগিব৷ যিয়ে সোনকালে আহি নিৰ্দিষ্ট স্থানত উপস্থিত হয় তেওঁকেই বিজয়ী ঘোষণা কৰাৰ লগতে শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰা হব৷ ইয়াৰপাছতেই দেৱতাসকলে তেওঁলোকৰ নিজা নিজা বাহন চলাই পৃথিৱীৰ প্ৰদক্ষিণ আৰম্ভ কৰে৷ আনকি কাৰ্তিকেও ময়ূৰৰ পিঠিত উঠি দ্ৰুত বেগে উৰা মাৰে৷
অন্য দেৱতাসকলে যেতিয়া গৰ্বেৰে নিজা বাহন লৈ উৰা মাৰে তেতিয়া গণেশে নিজৰ বাহন এন্দুৰৰ পিঠিত উঠি নিজৰ পিতৃ-মাতৃক প্ৰদক্ষিণ কৰিবলৈ ধৰে৷ গণেশে এই প্ৰদক্ষিণৰ কাৰণ জনাই কয়, ‘মোৰ বাবে মোৰ মাতৃ পাৰ্বতী আৰু পিতৃ শিৱই এখন পৃথিৱী৷ সেয়ে মই তেওঁলোকক প্ৰদক্ষিণ কৰাটো পৃথিৱীক প্ৰদক্ষিণ কৰাৰ সমতূল্য বুলি ভাৱো৷’
গণেশৰ এই বুদ্ধি আৰু প্ৰজ্ঞাৰ বাবে দেৱতাসকল অত্যন্ত সুখী হয় আৰু তেওঁকেই শ্ৰেষ্ঠত্বৰ সন্মান দিয়ে৷ তেতিয়াৰ পৰাই গণেশক বিঘ্নহৰ্তা বা সকলো বাধাৰ বিনাশকাৰী আৰু সিদ্ধিদাতা বা সাফল্য প্ৰদানকাৰী হিচাপে পূজা কৰা হয়৷
২. গণেশ আৰু সৰস্বতী
পৌৰাণিক কাহিনী অনুসৰি এবাৰ দেৱ দেৱীৰ জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী সৰস্বতীৰ কাষত তেওঁৰ জ্ঞানৰ উৎস সম্পৰ্কে জানিব খুজিছিল৷ সৰস্বতীয়ে জনাইছিল যে তেওঁৰ জ্ঞান আহিছিল গণেশৰ পৰা, তেঁৱেই সকলো জ্ঞান আৰু সাফল্যৰ উৎস৷ তেওঁ আকৌ কয়, গণেশৰ আশীৰ্বাদ অবিহনে কোনো কামত সফল হব নোৱাৰে৷ এই ঘটনাৰ পাছৰে পৰাই গণেশক সিদ্ধিদাতা হিচাপে পূজা কৰা হয়৷
সিদ্ধিদাতা গণেশৰ পূজা কৰিলে আপোনাৰ জীৱনত কি কি প্ৰভাৱ পৰে?
১. আস্থা আৰু আত্মবিশ্বাস বৃদ্ধি
যিকোনো নতুন কাম, যেনে ব্যৱসায় আৰম্ভ কৰা, নতুন ঘৰত প্ৰৱেশ কৰা বা কোনো পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পূৰ্বে গণেশৰ পূজা কৰিলে মানুহৰ মনত এক ধৰণৰ আত্মবিশ্বাস আৰু ইতিবাচক মানসিকতা তৈয়াৰ হয়৷ ইয়াৰ ফলত বিশ্বাস আৰু মানসিক দৃঢ়তা বাঢ়ে৷
২. বাধা দূৰীকৰণ
বিঘ্নহৰ্তা, হিচাপে গণেশক স্মৰণ কৰিলে মানুহৰ মনৰ ভিতৰত ধৰা নিগেটিভিটি দূৰ হয়৷ ইয়াক ফলত মানসিক শান্তি আৰু স্থিৰতা বাঢ়ে৷ যিয়ে কঠিন পৰিস্থিতিত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে৷
৩. সাফল্যৰ প্ৰতীক
গণেশক সিদ্ধিদাতা হিচাপে পূজা কৰা হয়৷ এই পূজাই মনত পেলাই দিয়ে যে কঠোৰ পৰিশ্ৰমেই যথেষ্ট নহয় ইয়াৰ সৈতে প্ৰজ্ঞা আৰু বুদ্ধিও সমানে গুৰুত্বপূৰ্ণ৷ তেওঁৰ পূজাই শিকাই যে বুদ্ধিৰে কাম কৰিলে সাফল্য অৰ্জন সম্ভৱ৷
৪. সামাজিক আৰু সাংস্কৃতিক গুৰুত্ব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















