অসম লাইভ২৪ঃ আৰম্ভ হৈছে হজ যাত্ৰা। ধৰ্মপ্ৰাণ মুছলমান তীৰ্থযাত্ৰীয়ে ভীৰ কৰিছে মক্কাত। ছৌদি আৰৱৰ মক্কাত এতিয়া তীৰ্থযাত্ৰীক আদৰিবলৈ চলিছে জোৰদাৰ আয়োজন। মধ্যপ্ৰাচ্যৰ দেশখনত প্ৰত্যেক বছৰেই ১০ লাখতকৈয়ো অধিক তীৰ্থযাত্ৰী উপস্থিত হয়। ২০২০ চনত এবছৰৰ বাবে হজ যাত্ৰা বন্ধ কৰিছিল যদিও তাৰপিছৰে পৰাই দেশখনত তীৰ্থযাত্ৰীৰ যথেষ্ট ভীৰ হোৱা পৰিলক্ষিত হৈছে।
এইবাৰো বিভিন্ন দেশৰ লগতে আমাৰ দেশৰো বহু তীৰ্থযাত্ৰী মক্কাৰ উদ্দেশ্যে ৰাওনা হৈছে। হজ উপলক্ষে উপস্থিত হ’বলগীয়া তীৰ্থযাত্ৰীৰ যাতে কোনো অসুবিধা নহয় তাৰবাবে সমস্ত ব্যৱস্থাই কৰিছে ছৌদী আৰৱে। তীৰ্থযাত্ৰীৰ বাবে মক্কাৰ কাষৰীয়া অঞ্চলত কেম্প নিৰ্মাণ কৰা হৈছে। ইয়াৰ মাজতেই বহুসংখ্যক কেম্প বহু ৰাজকীয়ভাৱেই নিৰ্মাণ কৰা হৈছে।
পবিত্ৰ মক্কা আৰু মুজদালিফাহ চহৰৰ মধ্যবৰ্তী এটা সৰু এলেকা হৈছে মিনা। হজযাত্ৰীসকলৰ বাবে মিনাত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক কেম্পসমূহ। এই কেম্পসমূহৰ ভিতৰতেই নিৰ্মাণ কৰা হৈছে দামী দামী ৰেস্তোৰাও। তীৰ্থযাত্ৰীসকলৰ বাবে বিছনা চাদৰ, কম্বল আদি দিয়াৰো ব্যৱস্থা কৰা হৈছে। অস্থায়ী কেম্পৰ ভিতৰতেই অত্যাধুনিক শৌচাগাৰ আৰু স্নানাগাৰো নিৰ্মাণ কৰা হৈছে। ফ্ৰি ইণ্টাৰনেট ব্যৱহাৰৰো সুবিধা আছে এই এলেকাত।
চলিত বছৰৰ ২২ মে’ত প্ৰথমে এটা হজযাত্ৰীৰ দলে ভৰি দিছে ছৌদি আৰৱত। তাৰপাছতেই তীৰ্থযাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। প্রথম পৰ্যায়ত মালয়েছিয়া আৰু বাংলাদেশৰ তীৰ্থযাত্ৰীসকলক মক্কাত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। সোমবাৰৰ পৰা মক্কালৈ যাবৰ বাবে অনুমতি দিয়া হৈছে ভাৰতীয় তীৰ্থযাত্ৰীক। মক্কাত যাতে অত্যাধিক ভীৰ নহয় তাৰবাবেই সকলো দেশৰ বাবে পৃথক পৃথক সময় বান্ধি দিছে ছৌদি আৰৱ চৰকাৰে।
উল্লেখ্য যে পবিত্ৰ হজযাত্ৰাৰ পৰা বিপুল পৰিমানৰ ধন আহৰণ কৰে মধ্যপাচ্যৰ দেশখনে। বিবিচিয়ে দাবী কৰা মতে ক্ৰুইড অইল বিক্ৰি কৰি ছৌদি আৰৱে যিমান ধন আহৰণ কৰে তাতোকৈ বেছি ধন আয় কৰে হজযাত্ৰাৰ পৰা। এই প্ৰতিবেদন ২০১৮ চনতেই প্ৰকাশ কৰিছিল সংবাদ সংস্থা বিবিচিয়ে। তাত কোৱা হৈছিল যে ২০১৮ বৰ্ষত হজ যাত্ৰা কৰা যাত্ৰীৰ পৰা ১২ বিলিয়ন ডলাৰ আয় কৰিছিল ছৌদি প্ৰশাসনে। যি ধন ভাৰতীয় মুদ্ৰাত প্ৰায় ডেৰ হাজাৰ কোটিৰো বেছি।
আন্তৰ্জাতিক সংবাদমাধ্যমসমূহতো এই বাতৰি বহুবাৰ প্ৰচাৰ হৈছে। ছৌদি আৰৱৰ ৰাজহৰ প্ৰায় ৩০ ভাগেই হজৰ পৰাই আহে। মক্কাৰ চেম্বাৰ অৱ কমাৰ্ছে জনোৱা অনুসৰি এই তীৰ্থযাত্ৰাত বিদেশি মুছলমান একোজনৰ ব্যয় হয় প্ৰায় ৪৫০০ ডলাৰকৈ ধন। ছৌদি আৰৱৰ লোকৰ বাবে এই ধনৰ পৰিমান হৈছে ২৫০০ ডলাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ