স্মল ছেভিংছ স্কিমত টকা নিৰাপদে থাকে৷ ম্যাদৰ শেষত নিশ্চিত ৰিটাৰ্ণো পোৱা যায়৷ কিন্তু সুদ বেছি নহয়৷ ফলত ৰিটাৰ্ণত বহু বেছি ধন পোৱা নাযায়৷ কোটিপতি হোৱাৰ সপোনো আধৰুৱাই হৈ ৰয়৷ এইসমূহ স্কিমৰ তুলনাত মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে কোটিপতি হোৱা সহজ৷ নিৰ্দিষ্ট পৰিকল্পনা অনুসৰি বিনিয়োগ কৰি গলে ভাল ৰিটাৰ্ণ পোৱা যায়৷ আৰ্থিক বিশেষজ্ঞই কৈছে যে দীৰ্ঘম্যাদি মিউচুৱেল ফাণ্ডত ১২ৰ পৰা ১৫শতাংশ হাৰত ৰিটাৰ্ণ পোৱা যায়৷
মিউচুৱেল ফাণ্ড বজাৰৰ সৈতে যুক্ত৷ বজাৰ উঠিলে ভাল ৰিটাৰ্ণ আহে৷ আৰু পৰিলে লোকচান৷ চিধা কথাত আপোনাৰ যে সকলো সময়ত লাভেই হব সেয়া কব নোৱাৰি৷ কিন্তু এছ আই পিৰ মাধ্যমেৰে বিনিয়োগ কৰিলে এই লোকচানৰ সম্ভাৱনা কিছু কমি যায়৷
এছ আই পি কেলকুলেটৰ অনুসৰি কোনোৱে যদি ১৫ বছৰ মোটা অংকত ধন বিনিয়োগ কৰে তেন্তে তেওঁ ২ কোটি পৰ্যন্ত ৰিটাৰ্ণ পাব পাৰে৷ কেনেকৈ কৰিব বিনিয়োগ? জানি থওক সম্পূৰ্ণ হিচাপ৷
যদি ১৫ বছৰত ২ কোটি টকা জমা কৰাৰ পৰিকল্পনা তেন্তে এছ আই পি কেলকুলেটৰ অনুসৰি ব্যক্তিজনে প্ৰতিমাহে ৪০ হাজাট টকা বিনিয়োগ কৰিব লাগিব৷ এনেকৈ জমা কৰিলে আপোনাৰ মুঠ বিনিয়োগৰ পৰিমাণ হব ৭২লাখ৷ বাৰ্ষিক ৰিটাৰ্ণ ১২ শতাংশ ধৰিলে সুদ আৰু প্ৰকৃত মিলি হাতত পাব ২,০১,৮৩,০৪০ টকা৷
কোনোৱে যদি ১৫ বছৰ ধৰি প্ৰতিমাহে ৪০,০০০ টকা এছ আই পিৰ মাধ্যমেৰে বিনিয়োগ কৰে তেন্তে ১৫ বছৰৰ শেষত তেওঁ সুদৰ পৰা পাব ১.২৯ কোটি টকা৷ এয়া অনুমানভিত্তিক ৰিটাৰ্ণ৷ শ্বেয়াৰ বজাৰৰ ওঠানমাই মিউচুৱেল ফাণ্ড স্কিমৰ পাৰফৰ্মেন্সতো প্ৰভাৱ পেলাব৷
বিশেষজ্ঞসকলৰ মতে মিউচুৱেল ফাণ্ডৰ এছ আই পিত যিমান সোনকালে বিনিয়োগ আৰম্ভ কৰে সিমানেই ভাল৷ কাৰণ ৰিটাৰ্ণ বেছি পোৱা যায়৷ দীৰ্ঘম্যাদি মোটা টকা পোৱা যায়৷ যদি ২৫ বছৰ বয়সত কোনো ব্যক্তিয়ে প্ৰতিমাহে ৪০,০০০ টকাৰ এছ আই পি আৰম্ভ কৰে তেন্তে ৪০ বছৰ বয়সত তেওঁ ২ কোটি টকাৰ মালিক হব৷ দীৰ্ঘম্যাদি কমপাউণ্ডিঙৰ সুবিধাও পোৱা যায়৷ বেছি ৰিটাৰ্ণৰো সম্ভাৱনা বাঢ়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ