অসম লাইভ২৪ঃ হাতত মাত্ৰ কেইটামানহে দিন। চলিছে শেষ প্ৰস্তুতিৰ কাম। জানুৱাৰী মাহতেই জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’ব অযোধ্যাত নিৰ্মীয়মান ৰামমন্দিৰৰ দুৱাৰ। ইয়াৰ পূৰ্বে ভক্তসকলে আৰতি পাছ পোৱাৰ বাবে অপেন কৰি দিয়া হৈছে বুকিং প্ৰক্ৰিয়া।
দিনে তিনিবাৰ আৰতি
আগন্তুক ২২ জানুৱাৰীত ৰামলালৰ অভিষেক অনুষ্ঠানৰ পাছতেই খুলি দিয়া হ’ব ৰামমন্দিৰৰ দুৱাৰ। ৰামলালৰ বাবে দিনত তিনিবাৰকৈ আৰতি কৰা হ’ব বুলিও জনাইছে মন্দিৰৰ আৰতি পাছ বিভাগৰ দায়িত্বত থকা ধ্ৰুভেছ মিশ্ৰই। তেওঁ এই সন্দৰ্ভত জনাই যে, পুৱা ৬বাজি ৩০ মিনিটত, দুপৰীয়া ১২ বজাত আৰু সন্ধিয়া ৭বাজি ৩০ মিনিটত হ’ব আৰতি। কেৱল পাছ পোৱাসকলেহে এই আৰতিত অংশ ল’ব পাৰিব বুলিও জনাইছে ধ্ৰুভেশে।
আৰতিত মুঠ কিমানজন ভক্ত উপস্থিত থাকিব পাৰিব?
মন্দিৰৰ আৰতিৰ পাছ বিভাগৰ ধ্ৰুভেছে জনোৱামতে প্ৰতিটো আৰতিৰ সময়ত কেৱলমাত্ৰ ৩০জন লোকহে উপস্থিত থাকিব পাৰিব। পৰবৰ্তীকালত এই সংখ্যা বৃদ্ধি কৰিব বুলি জনাইছে ধ্ৰুভেছে। আৰতিৰ সময়ত কম ভক্তৰ অনুমতিক লৈয়ো বিশেষ মন্তব্য কৰিছে ধ্ৰুভেছে। মন্দিৰৰ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বুলিও জনাইছে ধ্ৰুভেছে। কিন্তু বৰ্তমান সময়ত বিনামূলীয়া পাছ বিতৰণৰ কোনো সম্ভাৱনা নথকাৰেই ইংগিত দিছে ধ্ৰুভেছে।
অনলাইনতেই উপলব্ধ হ’ব আৰতি পাছ
দূৰৈৰ পৰা যোৱা ভক্তৰ কথা চিন্তা কৰি অনলাইনতো আৰতিৰ পাছ পোৱাৰ সুবিধা ৰখা হৈছে বুলি জনাইছে ধ্ৰুভেছে। অনলাইনৰ ওপৰিও মন্দিৰৰ কাউণ্টাৰৰ পৰা প্ৰতিদিনে পাছ পোৱা যাব। পাছ অবিহনে কিন্তু কোনো ভক্তই আৰতিত অংশ ল’ব নোৱাৰিব।
আৰতি পাছ পাবলৈ কি কি তথ্যৰ প্ৰয়োজন
মন্দিৰৰ পাছ কমিটিৰ প্রধানগৰাকীয়ে জনোৱামতে আৰতি পাছ সংগ্ৰহৰ সময়ত কিছু তথ্য জমা দিব লাগিব। আধাৰ কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইছেন্স আৰু পাছপৰ্টৰ ভিতৰত যিকোনো এখন নথি জমা দিব লাগিব।
উল্লেখ্য যে আগন্তুক ২২ জানুৱাৰীত অযোধ্যাৰ ৰামমন্দিৰ উদ্ভোধনক লৈ পূৰ্ণগতিত চলিছে প্ৰস্তুতি। ৰামৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা অনুষ্ঠানত নিজেই সোঁ-শৰীৰে উপস্থিত থাকিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ উদ্বোধনী অনুষ্ঠানৰ মুকলি সম্প্ৰচাৰ দেশজুৰি দেখুওৱাৰো ব্যৱস্থা কৰা হ’ব। প্রধানমন্ত্ৰীৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ বহুসংখ্যক বিজেপি নেতা-নেত্ৰীৰ লগতে বিনোদন, ক্ৰীড়া ক্ষেত্ৰৰো লেখত ল’বলগীয়া ব্যক্তি। উদ্বোধনী অনুষ্ঠানত লাখ লাখ ভক্তৰো সমাগম হ’ব, যাৰবাবে নিৰাপত্তাবেষ্টনী ভাল হোৱাটোতো বিশেষ নজৰ দিছে উত্তৰ প্ৰদেশ চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ