UPIৰ মাধ্যমেৰে টকা পঠিয়াবলৈ Google Pay প্ৰায়সংখ্যক লোকেই ব্যৱহাৰ কৰে৷ এই Google Payক বাছনি কৰি লোৱাৰ কাৰণ মূলত দুটা৷ এক নম্বৰতে ইয়াৰ মাধ্যমেৰে টকা পঠিওৱা পদ্ধতি খুবেই সহজ৷ দ্বিতীয়তে এয়া অত্যন্ত নিৰাপদো৷ আপোনাৰ সমস্ত ট্ৰানজেকশ্ব্যন হিষ্ট্ৰি নিজৰ হাতত ৰাখে গুগল পেই৷ কিন্তু আপুনি যদি বিচাৰে তেন্তে সেই হিষ্ট্ৰি সহজে ডিলিটো কৰি দিব পাৰে৷ ডিলিট কৰা পদ্ধতি অৱশ্যে বহুতেই নাজানে৷
কেনেকৈ ডিলিট কৰিব হিষ্ট্ৰি?
গুগল পে এপটো খুলি প্ৰফাইল ছেকচনলৈ প্ৰথমে যাওক৷ তাৰপাছতেই স্ক্ৰল কৰি ছেটিংছত যাওক৷ তাতেই প্ৰাইভেচি এণ্ড চিকিউৰিটি অপশ্ব্যন পাব৷ তাৰ পৰা ডাটা এণ্ড পাৰ্ছনেলাইজেশ্ব্যন অপশ্ব্যনত টেপ কৰি গুগল একাউণ্টৰ লিংকত ক্লিক কৰক৷ তেতিয়াই আপুনি গুগল একাউণ্ট পেজ দেখা পাব৷ এইবাৰ পেমেণ্টছ এণ্ড ছাবস্ক্ৰিপশ্ব্যনত গৈ পেমেণ্ট ইনফোত যাওক৷ তাতেই ক্লিক কৰি আকৌ যাওক মেনেজ এক্সপেৰিয়েন্সত৷ ইয়াৰ পাছতেই পেমেণ্টছ ট্ৰান্সেকশ্ব্যনছ এণ্ড এক্টিভিটিত গৈ পাব গুগল পে ট্ৰান্সেকশ্ব্যনৰ তালিকা৷ এইবাৰ চাই চাই উৰাই দিব পাৰিব লেনদেনৰ ইতিহাস৷
আপুনি যদি ডেস্কটপত গুগল পে খোলে তেন্তে তাতো একেদৰেই লেনদেনৰ ইতিহাস মুছি পেলাব পাৰিব৷ ডেস্কটপৰ পৰা ডিলিট কৰিবলৈ প্ৰথমে https://myaccount.google.com/ এই লিংকত ক্লিক কৰক৷ তাৰপাছতেই পেমেণ্টছ এণ্ড ছাবস্ক্ৰিপছন অপশ্ব্যনত যাওক৷ তাত গৈ পেমেণ্ট ইনফোত ক্লিক কৰি পেমেণ্টছ ট্ৰানজেকশ্ব্যন এণ্ড এক্টিভিটি অপশ্ব্যনত যাওক৷ একেদৰে গুগল পে ট্ৰানজেকশ্ব্যনৰ তালিকা পাব৷ তাৰপৰা বাচি বাচি ডিলিট কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ