মানুহে আৰ্থিক জীৱন উন্নত কৰাৰ বাবে প্ৰতিসময়তে চেষ্টা ৰাখে৷ বহুতেই কোটিপতি হোৱাৰো সপোন দেখে৷ এই সপোন পূৰণৰ বাবে সঠিক বিনিয়োগ নিৰ্বাচন কৰাটো খুবেই গুৰুত্বপূৰ্ণ৷ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড এনে এক নিৰাপদ আৰু লাভজনক বিনিয়োগ বিকল্প, যিয়ে কেৱল ভাল ৰিটাৰ্ণেই নিদিয়ে বৰং কৰৰ পৰা ৰেহাই পোৱাৰো দুৰ্দান্ত উপায়৷ জানি থওক পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত ধন জমা কৰিলে কেনেকৈ কোটিপতি হব?
পিপিএফ কি আৰু ইয়াৰ বৈশিষ্ট্য জানেনে?
পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা পিপিএফ হৈছে এক চৰকাৰী সঞ্চয় প্ৰকল্প, যি দীৰ্ঘম্যাদি বিনিয়োগৰ বাবেই তৈয়াৰী৷ ইয়াৰ ম্যাদ ১৫ বছৰ আৰু প্ৰতি আৰ্থিক বছৰত আপুনি সৰ্বনিম্ন ৫০০ টকাৰ পৰা সৰ্বোচ্চ ১৫০০০০ টকা পৰ্যন্ত জমা কৰি যাব পাৰে৷ বৰ্তমান পিপিএফত ৭.১ শতাংশ বাৰ্ষিক সুদ প্ৰদান কৰি থকা হৈছে৷ যি ত্ৰিমাসিক ভিত্তিত নিৰ্ধাৰিত হয়৷ এটা এটা ব্যক্তিগত একাউণ্ট বা যৌথভাৱে একাউণ্ট খুলাৰো সুবিধা আছে৷ ইয়াৰোপৰি নমিনি দিয়াৰো ব্যৱস্থা আছে৷
কিয় পিপিএফক এক ভাল বিকল্প হিচাপে বিবেচনা কৰা হয়?
পিপিএফত কোনে কোনে বিনিয়োগ কৰিব পাৰে?
পি পি এফ দি কেনেকৈ কোটিপতি হব?
আপুনি যদি তাৰ পিছৰ বছৰত ১,৫০,০০০ টকা জমা কৰে তেন্তে আপোনাৰ বেলেন্স ৩,১০,৬৫০ টকা হব৷ এই পৰিমাণত সুদ হব ২২,০৫৬টকা৷ এই চক্ৰবৃদ্ধি সুদৰ ওপৰত সুদ অৰ্জন সম্ভৱ৷ ১৫ বছৰ পূৰ্ণ হলে আপোনাৰ একাউণ্টত থাকিব ৪০,৬৮,২০৯ টকা থাকিব, যাৰ মাজত ২২,৫০,০০০টকা আপোনাৰ বিনিয়োগ আৰু ১৮,১৮,২০৯ টকা হব সুদ৷
পিপিএফ এটা নিৰাপদ আৰু লাভজনক বিনিয়োগৰ বিকল্প৷ যি দীৰ্ঘম্যাদত আপোনাৰ অৰ্থ বৃদ্ধি আৰু কৰ সাশ্ৰয়ৰ এক ভাল উপায়৷ নিয়মিত আৰু সুশৃংখলভাৱে বিনিয়োগ কৰিলে আপুনি পিপিএফৰ মাধ্যমেৰে আপোনাৰ সপোন পূৰণ কৰিব পাৰিব আৰু আৰ্থিকভাৱে শক্তিশালী হব পাৰে৷ আপুনি ভৱিষ্যতেও বহু বেছি বিনিয়োগ কৰাৰ পৰিকল্পনা ৰাখিলে পিপিএফ অৱশ্যেই আপোনাৰ বিবেচনাৰ যোগ্য এক বিকল্প৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ