অসম লাইভ ২৪: ক’ৰোনাৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে সকলো। শিক্ষাৰ্থী সকলেও আঁতৰি থাকিবলগীয়া হৈছে শ্ৰেণীকোঠাৰ পৰা। কেইবাটাও প্ৰৱেশ পৰীক্ষা ইতিমধ্যে পিছুৱাই দিয়া হৈছে। তেনে সময়ছোৱাতে এতিয়া বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰীসকল। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব তাকে লৈ এতিয়া সৃষ্টি হৈছে উৎকণ্ঠাৰ। এই সন্দৰ্ভত ছেবাৰ সৈতে আলোচনাত মিলিত হৈছে ৰাজ্যৰ কেইবাটাও ছাত্ৰ সংগঠন। আছুকে ধৰি ছাত্ৰ সংগঠনসমূহৰ সৈতে ইতিমধ্যে এই সন্দৰ্ভত চিন্তা-চৰ্চা চলাই আছে ছেবা কৰ্তৃপক্ষই।
আজি ছেবাৰ সৈতে আলোচনাত মিলিত হৈছে এবছুৰ কৰ্মকৰ্তা। এই বৈঠকত উপস্থিত আছিল এবছুৰ সভাপতি-সম্পাদকৰ লগতে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি আৰু অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন। কোভিড পৰিস্থিতিৰ মাজত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেনেদৰে অনুষ্ঠিত কৰা হ’ব এই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। এবছুৰ নেতৃত্বৰ ফালৰ পৰা কেইবাটাও পৰামৰ্শ আগবঢ়ায় ছেবাৰ কৰ্তৃপক্ষলৈ। সেই অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ অতি কমেও ২০ দিন পূৰ্বে সময়সূচী প্ৰদান কৰিবলৈ অনুৰোধ এবছুৰ। আনহাতে পৰীক্ষা কেন্দ্ৰসমূহত ভিৰ কমাবৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। যদি সকলো বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হয়, তেন্তে এটা বিষয়ত ৫০ নম্বৰ হ’ব লাগে অন্যথা ৪ বিষয়ৰ যদি পৰীক্ষা হয় তেন্তে ১০০ নম্বৰ হ’ব লাগে বুলিও আহ্বান এবছুৰ। আনহাতে আছুৰ নেতৃত্বই যিমান পাৰে সোনকালে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় ছেবাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















