আমি সকলোৱেই জানো যে হৃদয় আমাৰ শৰীৰৰ প্ৰধান ৰক্তপাম্প৷ কিন্তু জানেনে আমাৰ ভৰিৰ কাফ মাছুল বা কলাফুলৰ পেশীসমূহকো দ্বিতীয় হৃদয় বুলি কোৱা হয়৷ এয়া কোনো ৰূপকথাৰ কাহিনী নহয়, শৰীৰবিজ্ঞানভিত্তিক এক বাস্তৱ সত্য এয়া৷
চলাফিৰা, চিৰি বগোৱা, বহাৰ পৰা থিয় হোৱা এই সকলো সময়তেই কলাফুলৰ মাছুল সংকোচিত হৈ এক বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে তেজক চাপ দি ওপৰৰ দিশলৈ ঠেলি দিয়ে৷ এই ৰক্তচলাচলৰ গতি ৰক্ষা কৰি ভৰিৰ দিশৰ পৰা হৃদপিণ্ডলৈ ওভতি অহা তেজৰ প্ৰবাহ যি আমাৰ সামগ্ৰিক ৰক্তসংবহনতন্ত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷
ফলত দীৰ্ঘক্ষণ বহি থকা বা স্থিৰে থকাটোৱে আমাৰ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে৷ বৰং নিয়মিত খোজ কঢ়া, ঠিয় হোৱা কিংবা ষ্ট্ৰেচিং এই দ্বিতীয় হৃদয়ক সচল ৰাখে আৰু আমাৰ ৰক্তৰ চলাচল কাৰ্যকৰ কৰে৷ মনত ৰাখিব আপোনাৰ প্ৰতিটো খোজেই কেৱল আপোনাৰ ভৰিৰ যত্ন নহয়, আপোনাৰ হৃদয়ৰ পক্ষেও এক আশীৰ্বাদ৷ ভৰিৰ যত্ন লওক, হৃদয়ৰ সুৰক্ষা নিশ্চিত কৰক৷ সচল থাকক, সুস্থ থাকক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















