হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ…
হৃদয়বিদাৰক, বহু দিন ধৰি হাতত কাম নাছিল, মানসিক ভাৱে ভাঙি পৰিছিল এহাল স্বামী-স্ত্ৰী। শেষ পৰিণতি একেবাৰে দুখলগা। বেলেগে বেলেগে ঠাইত নিজকে শেষ কৰি দিয়ে দুয়ো স্বামী-স্ত্ৰীয়ে। যি ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। এহাল স্বামী-স্ত্ৰীৰ আত্মহত্যাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। বাৰাণসীত চিপ লৈ স্বামীয়ে নিজকে শেষ কৰি দিয়ে। আনহাতে পত্নীয়ে স্বামীৰ আত্মহত্যাৰ খবৰ শুনিয়ে গোৰখপুৰৰ ঘৰৰ ছাঁদৰ পৰা জপিয়াই দি মৃত্যুক সাৱটি লয়।
একাদশ শ্ৰেণীত প্ৰথম লগ পাইছিল হৰিশ আৰু সঞ্চিতাই। তেতিয়াৰে পৰা দুয়োৰে মাজত প্ৰেম। সেই প্ৰেমে শেষত ২০২২ চনত পুৰ্ণতা পায়। বিবাহ পাশত আৱদ্ধ হয় দুয়ো স্বামী-স্ত্ৰী। বিয়াৰ পাছতে মুম্বাইলৈ গৈ থাকে দুয়ো। মুম্বাইতে এটা বেংকত চাকৰি কৰিছিল হৰিশে।
কিন্তু সেই সময়তে পত্নী সঞ্চিতাৰ এক জটিল ৰোগে দেখা দিয়ে। যাৰ বাবে গোৰখপুৰৰ মাতৃৰ গৃহলৈ আহে সঞ্চিতা। মাতৃৰ ঘৰত পৰিয়ালে চোৱা-চিতা কৰে। শেষত স্বামী হৰিশেও চাকৰি এৰি দি পত্নীৰ ওচৰ পায় চোৱা-চিতাৰ বাবে।
গোৰখপুৰতে থাকি কামৰো সন্ধান কৰে হৰিশে। কিন্তু দুটা বছৰে ধৰি কতো কোনো কামৰ সন্ধান নাপায় হৰিশে মানসিকভাৱে ভাগি পৰে। ইফালে অসুখীয়া পত্নী। শেষত ৫ জুলাই শুকুৰবাৰে হৰিশে বিহাৰৰ নিজৰ ঘৰলৈ যাবলৈ বুলি ওলাই আহে। কিন্তু ঘৰলৈ যোৱাৰ পৰিৱৰ্তে তেওঁ বাৰাণসীৰ সাৰনাথত উপস্থিত হয় আৰু তাতেই আত্মহত্যা কৰি মৃত্যুবৰণ কৰে, দুবছৰ পূৰ্বে হৰিশ আৰু সঞ্চিতাই বিবাহপাশত আৱদ্ধ হৈছিল।
আৰক্ষীয়ে জনোৱা মতে, বাৰাণসীৰ অটল নগৰ কলনী মাৱাইয়াত অনলাইন বুকিং কৰা হোমষ্টে ৰুমত হৰিশে এই চৰম পদক্ষেপ গ্ৰহণ কৰে। আৰক্ষীয়ে লগতে কয়, “হৰিশৰ এজন আত্মীয়ই একাধিক ফোন কল নোলোৱাৰ পিছত কোঠাটোত উপস্থিত হয়। তাত তেওঁ হৰিশৰ মৃতদেহটো পাই লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে।”
লগে লগে পৰিয়ালৰ সকলোকে খবৰ কৰা হয়। পত্নী সঞ্চিতাইয়ো এই খবৰ লাভ কৰাৰ পাছতে ঘৰৰ ছাঁদলৈ গৈ তাৰ পৰা জপিয়াই দিয়ে। এনেদৰেই শেষ হৈ যায় দুটি জীৱন।
আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিছে যদিও কতো কোনো ধৰণৰ শেষ টোকা বা ছুইডাইড নোট উদ্ধাৰ কৰা নাই। মানসিকভাৱে ভাঙি পৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি সদৰি আৰক্ষীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ