অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী
ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপত কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পোহৰলৈ আহিছে এক বৃহৎ দুৰ্ঘটনা। ইয়াত চুলাৱেছি দ্বীপত প্ৰচণ্ড বৰষুণৰ ফলত অবৈধ সোণৰ খনিত ভূমিস্খলন। ভূমিস্খলনৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু হৈছে। আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১৮ গৰাকী লোক।
স্থানীয় উদ্ধাৰ সংস্থা বাছাৰ্নাছৰ মুৰব্বী হেৰিয়ানোৱে কয় যে দেওবাৰে পুৱা গোৰোন্টালো প্ৰদেশৰ সুমাৱা জিলাত সংঘটিত হোৱা ভূমিস্খলনত অবৈধ খনিৰ ওচৰত বাস কৰা খনিকৰ আৰু বাসিন্দাসকলৰ মৃত্যু হয়।
দুৰ্ঘটনাটোত মাটিৰ তলত পোত খোৱা অৱস্থাত থকা পাঁচজন লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে সোমবাৰে উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হোৱা ১৮ জন লোকৰ সন্ধানত অভিযান চলাই আছে।
প্ৰশাসনে জানিব দিয়া অনুসৰি , নিৰুদ্দেশ হোৱা লোকৰ উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্ধাৰকাৰী দলে, আৰক্ষী আৰু সেনা জোৱানকে ধৰি ১৬৪ জন জোৱান নিয়োগ কৰা হৈছে। একে সময়তে উদ্ধাৰকাৰীয়ে প্ৰায় ২০ কিলোমিটাৰ অৰ্থাৎ ১২.৪৩ মাইল দূৰত্ব অতিক্ৰম কৰি ভূমিস্খলন স্থানত উপস্থিত হ’ব লগা হৈছে।
কিন্তু বেয়া পথ, ঘটনাস্থলীত থকা ডাঙৰ ডাঙৰ পাতৰ লগতে অঞ্চলটোত অবিৰত বাৱে দি থকা বৰষুণৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সন্মুখীন হৈছে। মানুহক উদ্ধাৰ কৰিবলৈ এক্সকেভেটৰৰো ব্যৱহাৰ কৰা হৈছে।
সংস্থাটোৰ মতে, ভূমিস্খলনৰ ফলত একাংশ ঘৰো ধ্বংস হৈছে। ইণ্ডোনেছিয়াৰ দুৰ্যোগ সংস্থা (বিএনপিবি)য়ে জনোৱা মতে, ভূমিস্খলনৰ ফলত কেইবাটাও ঘৰ আৰু এখন দলং ক্ষতিগ্ৰস্ত হৈছে। ইয়াত বাসিন্দাসকলক সতৰ্কতা জাৰি কৰা দিয়া হৈছে যে সোমবাৰ আৰু মঙলবাৰেও গ’ৰ’ন্টালো প্ৰদেশৰ কিছুমান অঞ্চলত বৰষুণ হ’ব পাৰে সেয়ে সকলোকে সজাগ হৈ থকাৰ আহ্বান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ