অসম লাইভ২৪ঃ টুইটাৰ বিতৰ্ক শেষ হোৱাই নাই৷ মাইক্ৰব্লগিং চাইট ক্ৰয় কৰাৰ পাছতেই বহু কৰ্মীক ছাটাই কৰাক লৈ বিশ্ববাসীয়ে সমালোচনা কৰিছে এলনক৷ কিন্তু সকলোৱে সমালোচনা কৰিলেও এলনৰ পক্ষত থিয় দিছে এগৰাকী জনপ্ৰিয় লেখিকা৷ তেওঁ আন কোনো নহয়৷ তেওঁ তছলিমা নাচৰিণ৷ এলনৰ প্ৰশংসাত পঞ্চমুখ লেখিকা তছলিমাই টুইটযোগে প্রশংসা কৰিছে এলনক৷ কিয় এলনক তেওঁৰ ভাল লাগে সেই কথাও প্ৰকাশ কৰিছে লেখিকাগৰাকীয়ে৷

কি লিখিছে তছলিমা নাচৰিণে?
টুইটাৰ পষ্টত তছলিমাই লিখিছে, ‘এলন মাস্কক মোৰ ভাললাগে৷ তেওঁৰ বহু টকা আছে সেয়ে এই ভাললগা তেনে নহয়৷ তাৰ বিপৰীতে তেওঁৰ হাঁহিটোৱে মোৰ প্ৰিয়৷’ হঠাতেই মাস্কৰ পক্ষত টুইট কৰাত নেটদুনীয়াত এতিয়া কেৱল মাস্কৰেই চৰ্চা৷ বহুতেই লেখিকা তছলিমাৰ পষ্টটোৰ সমৰ্থনত কৈছে, ‘ঠিকেই মাস্কৰ হাঁহিটো ধুনীয়া৷’ কিন্তু একাংশই আকৌ তছলিমাৰ পষ্টটো দেখা মাত্ৰকেই কটাক্ষ কৰি লিখিছে ‘মাস্কে সুন্দৰ হাঁহি মাৰি যে কৰ্মীসকলক ছাটাই কৰি আছে সেই কথা বাইদেউৰ দৃষ্টিগোচৰ কিয় হোৱা নাই?’
উল্লেখ্য যে, বিগত ২৭ অক্টোবৰত টুইটাৰৰ মালিকীস্বত্ব লাভ কৰিছে মাস্কে৷ ৪৪ বিলিয়ন ডলাৰ খৰচ কৰি মাস্কে মাইক্ৰব্লগিং ছাইটটো ক্ৰয় কৰিছে৷ মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতেই অনা সালসলনিক লৈ পৃথিৱীজুৰি সমালোচনা হৈ থাকোতেই লেখিকা তছলিমাই এলনৰ হাঁহিৰ প্ৰশংসা কৰাটোৱে সকলোকে অবাক কৰি তুলিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















