ফেচবুকত শিল্পী সমাজৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি বিপদত social media influencer ঋতু কলিতা৷ ঋতু কলিতাৰ বিৰুদ্ধে গোচৰ গুৱাহাটী শিল্পী সমাজৰ৷ দুদিন পূৰ্বে ফেচবুক লাইভত অশ্লীল শব্দ ব্যৱহাৰ কৰি শিল্পী সমাজক সমালোচনা কৰিছিল কলিতাই৷ বুধবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে শিল্পী সমাজে৷ শিল্পী সমাজৰ হৈ ৰূপম ভূঞা, বিপিন চাউদাং, কল্লোল বৰঠাকুৰ, দিক্ষু, পদ্মনাভক ধৰি কেইবাজনো কণ্ঠশিল্পী উপস্থিত থাকে৷ এজাহাৰ দাখিলৰ পাছতেই শিল্পী ইবছন লাল বৰুৱাই লিখিছে বিশেষ ফেছবুক পোষ্ট৷ তেওঁ লিখিছে,
‘পেছাদাৰী সংগীত জগত খনক পদে পদে হেয় কৰি থকা হৈছে – সংস্কৃতি ৰক্ষাৰ দোহাই দি। জনপ্ৰিয়তাৰ তাৰতম্যৰ মাজতেই অসমৰ প্ৰতিগৰাকী কণ্ঠশিল্পী নাইবা সংগীত শিল্পীৰ দলবোৰেই হওক প্ৰত্যেকেই কিন্তু ২০ৰ পৰা-৫০ খন ঘৰৰ উপাৰ্জনৰ সম্বল আৰু এটি সম্ভাৱনা পূর্ণ সাংস্কৃতিক উদ্যোগৰ ভেটি হৈ পৰিছে।
প্ৰত্যেক গৰাকী শিল্পীয়ে মঞ্চত যি পাৰদৰ্শিতা দেখুৱাই সেয়া তেওঁৰ অৰ্হতা আৰু সেইবাবেই তেওঁলোকক বিচৰা হয়।সামাজিক মাধ্যমত বাক-স্বাধীনতাৰ দোহাই দি হকে-বিহকে পৰিবেশ বিনষ্ট কৰা একেখিনি ব্যক্তিয়ে কিন্তু তেওঁৰ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত কিমান সৎ-পন্থাৰে, ৰাইজৰ পইচা আত্মসাৎ নকৰাকৈ কাম কৰি গৈছে, সেয়া কোনোবা দিনা আনেও বিচাৰ লব।
কথা হল, আপুনি যদি ঠিকা কৰিছে, আপুনি যদি অভিযন্তা, আপুনি বনুৱা-কৰ্মচাৰীতকৈ কিয় বেছিকৈ পইচা পায়? আপুনিটো ইটা দঙা নাই, শিল ভঙা নাই।
আপুনি বেছিকৈ আৰ্জন কৰাৰ যুক্তিটো হ’ল, হয়টো আপুনি উক্ত ব্যৱসায়ত ধন বিনিয়োগ কৰিছে, অথৱা পঢ়ি শুনিয়েই হওঁক বা কাৰোবাৰ পৰা ব্যক্তিগত ভাৱে শিকিয়েই হওক সেই ব্যৱসায়ৰ পৰিকল্পনা/পৰিচালনা ইত্যাদি বিভাগত আপুনি সেই নিম্নতম পাৰিশ্ৰমিক পোৱা বনুৱা (শ্ৰদ্ধা সহকাৰে) সকলোতকৈ বেচি জ্ঞান বা অৰ্হতা আহৰণ কৰিছে।
পেছাদাৰী সংগীত জগতৰ প্ৰত্যেক জন পৰিবেশন কাৰী শিল্পীয়ে বছৰ বছৰ ধৰি সাধনা, কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি নিজৰ কণ্ঠ, বাদ্য, আৰু শিল্পকলাৰ বিভিন্ন বিভাগত নিজৰ পাৰদৰ্শিতা আহৰণ কৰিছে।
আপোনালোকে কোনোবা শিল্পীৰ গীত পৰিবেশন ভাল পোৱা নাই, নামাতিব। একে সময়তে, লোকসংগীতৰ নিঃকিন শিল্পীসকলৰ গীত শুনিবলৈ কাৰোৱেই ধৈর্য্যও নাই আৰু ক্ৰমে সতি-সন্তানকো নিজৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি সেই সন্মান প্ৰদৰ্শন কৰাৰ উদাহৰণ দাঙি ধৰা নাই।
মৌচম গগৈৰ দৰে শান্ত- অমায়িক শিল্পীক মঞ্চত উঠি কানত আহি বেয়া ভাষাত গালি পাৰি যোৱা, কামৰূপীয়া লোকগীতৰ চৰ্চাৰে আমাৰ সংস্কৃতিৰ শিপাডালক মজবুত কৰি ৰখা শিল্পী প্ৰনীতা বৈশ্য মেধী ডাঙৰীয়ানীক অসম সাহিত্য সভাৰ দৰে ঐতিহ্যময় মঞ্চতেই চুড়ান্ত অপমান কৰা – এইবোৰ সামাজিক পৰিবেশৰ ভয়ানক অবক্ষয়ৰ চিন।
সামাজিক মাধ্যমেৰে পৰিবেশত বিষ ঢলাৰ আগত চিন্তা কৰিব, যে সেই পৰিবেশতেই প্ৰতিপালিত হ’ব আমাৰ /আপোনাৰ ভৱিষ্যত প্ৰজন্ম। মুখ আছে বাবেই কথা আৰু মগজু আছে বাবেই চিন্তাটো শুদ্ধ হ’ব বুলি ভাবি নলব।
সামগ্ৰিক ভাৱে, আপোনাৰ সমাজখনৰেই শিল্পী সকলে নিজৰ অৰ্হতা আৰু প্ৰাপ্য খিনিৰ বাবে কৈফিয়ৎ বা গোহাঁৰি দিবলগীয়া হোৱাতো আপোনাৰ বাবেহে লজ্জাজনক। আৰু এই যে -” গায়ক হবলৈ নিলাজ হব লাগিব” এইটো কি?
গায়ক সকল নিলাজ – বুলি কলে মোৰ প্ৰয়াত পিতৃ, কণ্ঠশিল্পী প্ৰসন্নলাল বৰুৱা যিয়ে বিপ্লৱী গীত গোৱা বাবে কাৰাবৰণ পৰ্যন্ত কৰিবলগীয়া হৈছিল, তেওঁকে আদি কৰি সমূহ বৰেণ্য কণ্ঠশিল্পী সকলকো সাঙুৰি লোৱা হৈছে বুলি ভাবিবলৈ মই বাধ্য হৈছো । (যিহেতু সামগ্ৰিক ভাৱে কোৱা হৈছে)।
তেওঁলোকৰ সময়তো সহযোগী সংগীত শিল্পীক মাননি দিয়াৰ উপৰি গাড়ী, খোৱা-বোৱাৰ ব্যবস্থা কৰিবলগীয়া হৈছিল। আৰু সেয়েহে তেওঁলোকেও মাননি নোলোৱাকৈ অনুস্থান পৰিবেশন কৰাৰ কথা ভাবিব পৰা নাছিল । মাথোঁ, তেখেত সকলৰ দিনত মাননিৰ পৰিমাণ হে আনুপাতিকভাৱে কম আছিল।
কিছু এনে ধৰণৰ বিকৃত মানসিকতাৰ লোকেই এসময়ত ড° ভূপেন হাজৰিকাৰ দৰে ব্যক্তিত্বৰ বিষয়েও একেধৰণৰ নীচ মন্তব্য দিছিল যেতিয়া তেওঁ সাংস্কৃতিক সন্ধিয়াৰ মাননি পঞ্চাশ হাজাৰ টকা বিচাৰিছিল।
আৰু ড° ভূপেন হাজৰিকা দেৱে মহান শিল্পী মঘাই ওজাৰ প্ৰতি সমাজৰ এই পক্ষপাতদুষ্ট মনোভাৱক সমালোচনা কৰি লিখিছিল –
তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ….
সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাই।
ইমান টুলুঙা, ইমান অশালীন ব্যৱহাৰ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।
ইবছন লাল বৰুৱা
১৯-০৩-২০২৫
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ