• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাইঃ ইবছন লাল বৰুৱা

সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাইঃ ইবছন লাল বৰুৱা

1 year ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

25 minutes ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

57 minutes ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

2 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

2 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

3 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

5 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

6 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

7 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

8 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাইঃ ইবছন লাল বৰুৱা

সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাইঃ ইবছন লাল বৰুৱা

editor by editor
March 19, 2025
in অসম, জীৱনশৈলী
0
সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাইঃ ইবছন লাল বৰুৱা
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেচবুকত শিল্পী সমাজৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি বিপদত social media influencer ঋতু কলিতা৷ ঋতু কলিতাৰ বিৰুদ্ধে গোচৰ গুৱাহাটী শিল্পী সমাজৰ৷ দুদিন পূৰ্বে ফেচবুক লাইভত অশ্লীল শব্দ ব্যৱহাৰ কৰি শিল্পী সমাজক সমালোচনা কৰিছিল কলিতাই৷ বুধবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে শিল্পী সমাজে৷ শিল্পী সমাজৰ হৈ ৰূপম ভূঞা, বিপিন চাউদাং, কল্লোল বৰঠাকুৰ, দিক্ষু, পদ্মনাভক ধৰি কেইবাজনো কণ্ঠশিল্পী উপস্থিত থাকে৷ এজাহাৰ দাখিলৰ পাছতেই শিল্পী ইবছন লাল বৰুৱাই লিখিছে বিশেষ ফেছবুক পোষ্ট৷ তেওঁ লিখিছে,

‘পেছাদাৰী সংগীত জগত খনক পদে পদে হেয় কৰি থকা হৈছে – সংস্কৃতি ৰক্ষাৰ দোহাই দি। জনপ্ৰিয়তাৰ তাৰতম্যৰ মাজতেই অসমৰ প্ৰতিগৰাকী কণ্ঠশিল্পী নাইবা সংগীত শিল্পীৰ দলবোৰেই হওক প্ৰত্যেকেই কিন্তু ২০ৰ পৰা-৫০ খন ঘৰৰ উপাৰ্জনৰ সম্বল আৰু এটি সম্ভাৱনা পূর্ণ সাংস্কৃতিক উদ্যোগৰ ভেটি হৈ পৰিছে।

প্ৰত্যেক গৰাকী শিল্পীয়ে মঞ্চত যি পাৰদৰ্শিতা দেখুৱাই সেয়া তেওঁৰ অৰ্হতা আৰু সেইবাবেই তেওঁলোকক বিচৰা হয়।সামাজিক মাধ্যমত বাক-স্বাধীনতাৰ দোহাই দি হকে-বিহকে পৰিবেশ বিনষ্ট কৰা একেখিনি ব্যক্তিয়ে কিন্তু তেওঁৰ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত কিমান সৎ-পন্থাৰে, ৰাইজৰ পইচা আত্মসাৎ নকৰাকৈ কাম কৰি গৈছে, সেয়া কোনোবা দিনা আনেও বিচাৰ লব।

কথা হল, আপুনি যদি ঠিকা কৰিছে, আপুনি যদি অভিযন্তা, আপুনি বনুৱা-কৰ্মচাৰীতকৈ কিয় বেছিকৈ পইচা পায়? আপুনিটো ইটা দঙা নাই, শিল ভঙা নাই।
আপুনি বেছিকৈ আৰ্জন কৰাৰ যুক্তিটো হ’ল, হয়টো আপুনি উক্ত ব্যৱসায়ত ধন বিনিয়োগ কৰিছে, অথৱা পঢ়ি শুনিয়েই হওঁক বা কাৰোবাৰ পৰা ব্যক্তিগত ভাৱে শিকিয়েই হওক সেই ব্যৱসায়ৰ পৰিকল্পনা/পৰিচালনা ইত্যাদি বিভাগত আপুনি সেই নিম্নতম পাৰিশ্ৰমিক পোৱা বনুৱা (শ্ৰদ্ধা সহকাৰে) সকলোতকৈ বেচি জ্ঞান বা অৰ্হতা আহৰণ কৰিছে।

পেছাদাৰী সংগীত জগতৰ প্ৰত্যেক জন পৰিবেশন কাৰী শিল্পীয়ে বছৰ বছৰ ধৰি সাধনা, কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি নিজৰ কণ্ঠ, বাদ্য, আৰু শিল্পকলাৰ বিভিন্ন বিভাগত নিজৰ পাৰদৰ্শিতা আহৰণ কৰিছে।

আপোনালোকে কোনোবা শিল্পীৰ গীত পৰিবেশন ভাল পোৱা নাই, নামাতিব। একে সময়তে, লোকসংগীতৰ নিঃকিন শিল্পীসকলৰ গীত শুনিবলৈ কাৰোৱেই ধৈর্য্যও নাই আৰু ক্ৰমে সতি-সন্তানকো নিজৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি সেই সন্মান প্ৰদৰ্শন কৰাৰ উদাহৰণ দাঙি ধৰা নাই।

মৌচম গগৈৰ দৰে শান্ত- অমায়িক শিল্পীক মঞ্চত উঠি কানত আহি বেয়া ভাষাত গালি পাৰি যোৱা, কামৰূপীয়া লোকগীতৰ চৰ্চাৰে আমাৰ সংস্কৃতিৰ শিপাডালক মজবুত কৰি ৰখা শিল্পী প্ৰনীতা বৈশ্য মেধী ডাঙৰীয়ানীক অসম সাহিত্য সভাৰ দৰে ঐতিহ্যময় মঞ্চতেই চুড়ান্ত অপমান কৰা – এইবোৰ সামাজিক পৰিবেশৰ ভয়ানক অবক্ষয়ৰ চিন।

সামাজিক মাধ্যমেৰে পৰিবেশত বিষ ঢলাৰ আগত চিন্তা কৰিব, যে সেই পৰিবেশতেই প্ৰতিপালিত হ’ব আমাৰ /আপোনাৰ ভৱিষ্যত প্ৰজন্ম। মুখ আছে বাবেই কথা আৰু মগজু আছে বাবেই চিন্তাটো শুদ্ধ হ’ব বুলি ভাবি নলব।

সামগ্ৰিক ভাৱে, আপোনাৰ সমাজখনৰেই শিল্পী সকলে নিজৰ অৰ্হতা আৰু প্ৰাপ্য খিনিৰ বাবে কৈফিয়ৎ বা গোহাঁৰি দিবলগীয়া হোৱাতো আপোনাৰ বাবেহে লজ্জাজনক। আৰু এই যে -” গায়ক হবলৈ নিলাজ হব লাগিব” এইটো কি?

গায়ক সকল নিলাজ – বুলি কলে মোৰ প্ৰয়াত পিতৃ, কণ্ঠশিল্পী প্ৰসন্নলাল বৰুৱা যিয়ে বিপ্লৱী গীত গোৱা বাবে কাৰাবৰণ পৰ্যন্ত কৰিবলগীয়া হৈছিল, তেওঁকে আদি কৰি সমূহ বৰেণ্য কণ্ঠশিল্পী সকলকো সাঙুৰি লোৱা হৈছে বুলি ভাবিবলৈ মই বাধ্য হৈছো । (যিহেতু সামগ্ৰিক ভাৱে কোৱা হৈছে)।
তেওঁলোকৰ সময়তো সহযোগী সংগীত শিল্পীক মাননি দিয়াৰ উপৰি গাড়ী, খোৱা-বোৱাৰ ব্যবস্থা কৰিবলগীয়া হৈছিল। আৰু সেয়েহে তেওঁলোকেও মাননি নোলোৱাকৈ অনুস্থান পৰিবেশন কৰাৰ কথা ভাবিব পৰা নাছিল । মাথোঁ, তেখেত সকলৰ দিনত মাননিৰ পৰিমাণ হে আনুপাতিকভাৱে কম আছিল।

কিছু এনে ধৰণৰ বিকৃত মানসিকতাৰ লোকেই এসময়ত ড° ভূপেন হাজৰিকাৰ দৰে ব্যক্তিত্বৰ বিষয়েও একেধৰণৰ নীচ মন্তব্য দিছিল যেতিয়া তেওঁ সাংস্কৃতিক সন্ধিয়াৰ মাননি পঞ্চাশ হাজাৰ টকা বিচাৰিছিল।
আৰু ড° ভূপেন হাজৰিকা দেৱে মহান শিল্পী মঘাই ওজাৰ প্ৰতি সমাজৰ এই পক্ষপাতদুষ্ট মনোভাৱক সমালোচনা কৰি লিখিছিল –

তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ
এপাহি ৰজনীগন্ধা
তোমাৰ মূল্য এনিশাৰ….

সংস্কৃতিয়ে জাতিটোৰ পৰিচয় বহন কৰে আৰু শিল্পী সকলেই সৃষ্টিৰ বিভিন্ন আহিলাৰে সংস্কৃতিৰ ধ্বজা উৰুৱাই।

ইমান টুলুঙা, ইমান অশালীন ব্যৱহাৰ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

ইবছন লাল বৰুৱা
১৯-০৩-২০২৫

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ
জীৱনশৈলী

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

August 8, 2026
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!
জীৱনশৈলী

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

August 8, 2026
Next Post
মহাকাশৰ ৰাণী…পাণ্ডিয়াৰ পৰা কেনেকৈ উইলিয়ামছ হ’ল সুনীতা?

মহাকাশৰ ৰাণী...পাণ্ডিয়াৰ পৰা কেনেকৈ উইলিয়ামছ হ’ল সুনীতা?

কেইটামান দিনৰ পাছতেই বাসন্তী পূজা, এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা? বিৰল যোগত কোন কোন ৰাশিৰ উন্নতি হ’ব?

কেইটামান দিনৰ পাছতেই বাসন্তী পূজা, এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিছে দেৱী দুৰ্গা? বিৰল যোগত কোন কোন ৰাশিৰ উন্নতি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.