বিভিন্ন বেংকৰ ঋণৰ ক্ষেত্ৰত সুদৰ হাৰ বিভিন্ন হয়৷ ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা আৰু এইছ ডি এফ চি বেংকৰ সুদৰ হাৰ বেলেগ বেলেগ৷ জানি থওক ৫বছৰৰ বাবে ৮লাখৰ ঋণ ল’লে প্ৰতি মাহত কিমান টকা EMI দিব লাগিব?
এই ক্ষেত্ৰত প্ৰত্যেক বেংকৰেই EMI বেলেগ বেলেগ হয়৷ বেংক অফ বৰোদাত উৎসৱৰ বতৰত অৰ্থাৎ ফেষ্টিভ অফাৰৰ মাধ্যমেৰে ১০.৮০ শতাংশ সুদৰ হাৰত লোণ অফাৰ কৰা হৈছে৷ এই সুদৰ হাৰতেই এই বেংকৰ ঋণৰ অফাৰ আৰম্ভ হৈছে৷ এই সুদৰ হাৰ অনুযায়ী বেংক অফ বৰোদাৰ পৰা ৫বছৰৰ বাবে ৮লাখ টকাৰ ঋণ ল’লে মাহিলী EMI হ’ব ১৭,৩১৪টকা৷
HDFC বেংকে এতিয়া ১০.৭৫ সুদৰ হাৰত ঋণ অফাৰ কৰা হৈছে৷ এই সুদৰ হাৰত এই বেংকৰ ঋণৰ অফাৰ আৰম্ভ হৈছে৷ এই সুদৰ হাৰ অনুযায়ী HDFC বেংকৰ পৰা ৫বছৰৰ বাবে ৮লাখ ঋণ ল’লে EMI আহিব ১৭,২৯৪ টকা৷ ষ্টেট বেংক অফ ইণ্ডিয়াৰ বৰ্তমান সুদৰ হাৰ ১১.৪৫শতাংশ৷ এই সুদৰ হাৰত এই বেংকৰ ঋণৰ অফাৰ আৰম্ভ হৈছে৷ এই সুদৰ হাৰ অনুসৰি ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৫ বছৰৰ বাবে ৮লাখ টকাৰ ঋণ ল’লে কেলকুলেটৰ অনুসৰি মাহিলী EMI আহিব ১৭,৫৭৪টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ