চেম্পিয়নছ ট্ৰফিত দেওবাৰে ভাৰতৰ সন্মুখত পাকিস্তান৷ চেম্পিয়নছ ট্ৰফিত বৃহস্পতিবাৰে প্ৰথম মেচ খেলিছে ভাৰতে৷ বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে মেচ খেলি চেম্পিয়নছ ট্ৰফিত খেল আৰম্ভ কৰিছে ৰোহিত শৰ্মাৰ দলে৷ দ্বিতীয় মেচ আছে দেওবাৰে৷ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত খেলত নামিব ভাৰত৷ চিৰকালেই ক্ৰিকেটপ্ৰেমীৰ মাজত ভাৰত-পাকিস্তানৰ মেচক লৈ উত্তেজনা তুংগত থাকে৷ দেওবাৰে মেচৰ বাবেও একেই উত্তেজনা পুঁহি ৰাখিছে প্ৰতিজন ক্ৰিকেটপ্ৰেমীয়ে৷ কিন্তু এই মেচত কোন জিকিব সেয়া পূৰ্বেই জনাই দিছে এজন ব্যক্তিয়ে৷ তেওঁ আন কোনো নহয় তেওঁ মহাকুম্ভত ভাইৰেল হোৱা IIT বাবা অভয় সিং৷
অভয়ে আত্মবিশ্বাসেৰে দাবী কৰিছে যে ICC চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতৰ হৰুৱাব পাকিস্তানে৷ বহু চেষ্টা কৰিও জিকিব নোৱাৰিব ৰোহিতবাহিনীয়ে৷ অভয়ৰ এই মন্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ (ভাইৰেল ভিডিঅ’টো কিমান সত্য সেই সম্পৰ্কে নিশ্চিত নহয় অসম লাইভ২৪৷ ভাইৰেল ভিডিঅ’ৰ আধাৰত এই নিউজ লিখা হৈছে৷)
ভাইৰেল সেই ভিডিঅ’ত IIT বাবাক কোৱা শুনা গৈছে যে, ‘এইবাৰ ভাৰত জিকিব নোৱাৰিব৷ নিশ্চিতভাৱে হাৰিব৷ ভাৰতীয় দলক চেলেঞ্জ কৰি তেওঁ কৈছে, ‘মই যদি কওঁ ভাৰত হাৰিব, মোৰ কথাক মিছা প্ৰমাণিত কৰি ভাৰত জিকি দেখুৱাওক৷’ তেওঁ এই দাবী কৰিছে যে, ‘ভাৰতেই মেচ জিকিব পৰা কেপাচিটি আছিল কিন্তু এইবাৰৰ ফলাফল ভাল নহ’ব ভাৰতৰ৷’ অভয়ৰ সেই মন্তব্য্যই বিতৰ্কৰ জন্ম দিছে সামাজিকমাধ্যমত৷ ক্ষোভপ্ৰকাশ কৰিছে ভাৰতীয় দলৰ সমৰ্থকসকলে৷ ভাইৰেল ভিডিঅ’টো বৃহস্পতিবাৰে ‘ঘৰ কা কলেছ নামৰ এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰা হৈছিল৷ ইতিমধ্যেই বহু মানুহে ভিডিঅ’টো দেখা পাইছে৷ ভিডিঅ’টো দেখি কাঢ়া প্ৰতিক্ৰিয়াও জনাইছে নেট নাগৰিকৰ একাংশই৷ ধেমালী কৰি এজনে লিখিছে, ‘এই মেচৰ কথা কৈ আই আইটি বাবাই তেওঁৰ সম্পূৰ্ণ কেৰিয়াৰলৈ বিপদ মাতিছে৷’ অন্য এজনে আকৌ লিখিছ্, ‘ভাইয়ে নিজকে ঈশ্বৰ ভাৱিছে, ভাৰত অৱশ্যেই জিকিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ