এতিয়াই সলনি কৰক পুৰণি চিম কাৰ্ড, নিৰাপত্তাৰ প্ৰতি ডাঙৰ ভাবুকি
দেশৰ ১২০ কোটি মোবাইল ব্যৱহাৰকাৰীৰ পুৰণি চিম কাৰ্ড নিষ্ক্ৰিয় হ’ব পাৰে। তাৰ ঠাইত নতুন চিম কাৰ্ড দিয়া হ’ব। পুৰণি চিম কাৰ্ড সন্দৰ্ভত চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে ডাঙৰ কথা প্ৰকাশ কৰিছে। ইয়াৰে কিছুমান চিম কাৰ্ড চীনৰ কোম্পানীয়ে নিৰ্মাণ কৰিছে।
গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰা সংস্থা নেশ্যনেল চাইবাৰ ছিকিউৰিটি ক’অৰ্ডিনেটৰ (এনচিএছচি)ৰ তদন্তত পুৰণি চিম কাৰ্ড সলনি কৰাৰ পৰামৰ্শ দিয়া হৈছে।
প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যিহেতু পুৰণি চিম কাৰ্ডসমূহ চীনা কোম্পানীয়ে নিৰ্মাণ কৰে, সেয়েহে ইয়াৰ দ্বাৰা দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰিব পাৰে।
SIM অৰ্থাৎ Subscriber Identity Module হৈছে এটা সৰু চিপ য’ত মোবাইল ব্যৱহাৰকাৰীৰ গুৰুত্বপূৰ্ণ তথ্য ৰেকৰ্ড কৰা হয়। ইয়াৰ ভিতৰত ব্যৱহাৰকাৰীৰ ডিভাইচ মডেল, আইএমইআই নম্বৰ, স্থান, ঠিকনা, ফোন নম্বৰ আদি অন্তৰ্ভুক্ত। এই তথ্য লিক হ’লে ব্যৱহাৰকাৰীৰ ডিজিটেল পৰিচয় হেৰুৱাৰ আশংকা হ’ব পাৰে।
কিন্তু এন চি এছ চিয়ে স্বীকাৰ কৰিছে যে পুৰণি চিম কাৰ্ডখন নতুন চিম কাৰ্ডেৰে সলনি কৰাৰ প্ৰক্ৰিয়াটো অলপ জটিল হ’ব আৰু বহু কাৰিকৰী আৰু আইনী প্ৰত্যাহ্বানো বাটত আহিব পাৰে।
শেহতীয়াকৈ সংস্থাটোৱে এই সন্দৰ্ভত টেলিকম অপাৰেটৰ – এয়াৰটেল, জিঅ’, ভোডাফোন আইডিয়া আৰু বিএছএনএলৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত কোৱা হৈছে যে ব্যৱহাৰকাৰীসকলৰ পুৰণি চিম কাৰ্ড নতুন চিম কাৰ্ডেৰে সলনি কৰাৰ বাবে এক নিৰ্দিষ্ট কাঠামো প্ৰস্তুত কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ