ক্ৰমশ বেৰঙি হৈ পৰিছে যৌন জীৱন? দাম্পত্য জীৱন স্বাভাৱিক হৈ থকা নাই? কিয় এই সমস্যা বাঢ়িছে? বিশেষজ্ঞৰ দাবী যে ইয়াৰ আঁৰত আছে কৰ্মব্যস্তময় জীৱনত ভুল খাদ্যভাস, শৰীৰচৰ্চাত অনিয়মসহ একাধিক কাৰণত কম বয়সতেই বিভিন্ন অসুখ আদি কাৰণত প্ৰভাৱ পৰিছে ব্যক্তিৰ যৌন জীৱনতো৷ কমিছে শুক্ৰাণু-ডিম্বানুৰ পৰিমাণ আৰু গুণমান৷ ক্ৰমশ কমিছে প্ৰজনন ক্ষমতা৷ এই ক্ষেত্ৰত কেইবাটাও সহজ কৌশল মানি চলিলেই সুফল পাব৷ জানি থওক নিয়ম-
ওজন নিয়ন্ত্ৰণত ৰাখক
অতিৰিক্ত ওজনে কেৱল শৰীৰৰেই নহয় যৌন স্বাস্থ্যতো প্ৰভাৱ পেলায়৷ বাঢ়ি যোৱা মেদে পুৰুষৰ মাজত শুক্ৰাণুৰ সংখ্যা কমায় দিয়ে৷
নিয়মিত ব্যায়াম কৰক
কম শুক্ৰাণুৰ সংখ্যা আৰু শুক্ৰাণুৰ বেয়া গুণগত মানৰ কাৰণে চিন্তাত থাকিলে শৰীৰচৰ্চা আৰম্ভ কৰক৷ গৱেষণাই কৈছে প্ৰতিদিনে ৫০ মিনিট কৈ এৰোবিক এক্সাৰচাইজ কৰিলে শুক্ৰাণুৰ সংখ্যা বাঢ়ে৷ অৱশ্যে অতিৰিক্ত ব্যায়ামো সঠিক নহয়৷ এনেকৈ অত্যাধিক ব্যায়াম কৰিলেও হৰমনত নেতিবাচক প্ৰভাৱ পৰে৷
মানসিক চাপমুক্ত থাকক
বন্ধ্যাত্বৰ আশংকা বঢ়াই দিয়ে মানসিক চাপে৷ নিয়মিত দুশ্চিন্তা, অৱসাদত ভুগিলে শুক্ৰাণুৰ উৎপাদন কমি যায়৷ মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ যোগব্যায়াম, মেডিটেছন বা কাউন্সেলিঙৰ সাহায্য লওক৷
ধূমপান আৰু এলক’হল এৰাই চলক
গৱেষণাত দেখা গৈছে যে ধূমপানে শুক্ৰাণুৰ সংখ্যা কমায় দিব পাৰে৷ ইয়াৰ সৈতে নষ্ট কৰি দিব পাৰে বীৰ্যৰ গুণগত মান৷ কেৱল ধূমপানেই নহয়, এলক’হলসহ যিকোনো নিচাই প্ৰজনন ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলায়৷
পুষ্টিসমৃদ্ধ খাদ্য
ভিটামিন ডি, কেলছিয়াম, এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য শুক্ৰাণুৰ সংখ্যা বঢ়াত সহায় কৰে৷ আনকি ই শুক্ৰাণুৰ গুণগত মানো উন্নত কৰে৷ যাৰ বাবে পাচলি, সমগ্ৰ সেউজীয়া শস্য, চৰ্বিহীন প্ৰটিন আৰু স্বাস্থ্যকৰ ফেট সমৃদ্ধ খাদ্য খাওক৷ জিংক, ছেলেনিয়াম, ভিটামিন চি আৰু শুক্ৰাণুৰ স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷
ঔষধৰ সাহায্য
কিছু ঔষধে শুক্ৰাণু উৎপাদন আৰু কাৰ্যকাৰিতা বঢ়োৱাত সহায়ক৷ শৰীৰত হৰমনৰ ভাৰসাম্যহীনতা থাকিলে হৰমনৰ চিকিৎসা কৰোৱাটো জৰুৰী৷
বীৰ্ষ বিশ্লেষণ
নিয়মিত বীৰ্য বিশ্লেষণ সময়ৰ সৈতে শুক্ৰাণুৰ সংখ্যা, গতিশীলতা কিংবা গুণমান বঢ়োৱাত সহায় কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ