সহজ জয় ভাৰতৰ, বলিঙত ৰবিন্দ্ৰ জাদেজাই গঢ়িলে ৰেকৰ্ড
ভাৰত- ইংলেণ্ডৰ মাজৰ এদিনীয়া মেচৰ শৃংখলাৰ আজি প্ৰথমখন খেল অনুষ্ঠিত হয়। আজিৰ খেল খনত সহজ বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে। ব্যৱধানত জয়ী হয় ভৰাতীয় দল।
টচত জিকি আজি ইংলেণ্ডে প্ৰথমে বেট ধৰে। কিন্তু ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলাৰে ৫০ অভাৰেই কৰিবলৈ নিদিয়ে ইংৰাজ দলক। ৪৭.৪ অভাৰতে অলআউট কৰায় ইংলেণ্ডক।
দলটোৱে ৪৭ .৪ অভাৰত ২৪৮ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলটোৱে সেই লক্ষ্য লৈ খেলপথাৰত নামি ৩৮.৪ অভাৰতে ২৫১ ৰান কৰি লক্ষ্য পাৰ কৰি জয়ী হয়।
ভাৰতৰ হৈ সৰ্বাধিক ৰান কৰে শুভমন গিলে। শুভমনে ৮৭ ৰান কৰাৰ লগতে শ্ৰেয়াছ আৰু অক্ষৰে ক্ৰমে ৫৯ আৰু ৫২ ৰান কৰে। ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰান কৰে জছ বাটলাৰে। বাটলাৰে ৫২ ৰান কৰে।
পাছে আজিৰ এই খেলখনত ৰেকৰ্ড গঢ়ে ভাৰতীয় অলৰাউণ্ডাৰ ৰবিন্দ্ৰ জাদেজাই। খেলখনত জাদেজাই হৰ্ষিত ৰানাৰ সৈতে ৩ টাকৈ উইকেট দখল কৰে। কিন্তু এই ৩ টা উইকেটেৰেই ৰেকৰ্ড হয় জাদেজাৰ নামত।
ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া মেচত এতিয়া সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে ৰবীন্দ্ৰ জাদেজা। ইংলেণ্ডৰ বিৰুদ্ধে ২৭খন খেলৰ ২৬খন ইনিংছত ৪.৬৯ ৰানত ৪২টা উইকেট দখল কৰিছে ৰবীন্দ্ৰ জাদেজাই। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ইংলেণ্ডৰ জেমছ এণ্ডাৰছনৰ নামত, যিয়ে ৩১খন মেচত ৪০টা উইকেট দখল কৰিছিল।
আনহাতে তৃতীয় স্থানত আছে ইংলেণ্ডৰেই এণ্ড্ৰু ফ্লিনটফ, যিয়ে ৩০খন মেচত ৩৭টা উইকেট দখল কৰিছে। এই তালিকাত চতুৰ্থ স্থানত আছে হৰভজন সিং। ২৩খন মেচত হৰভজনে ৩৬টা উইকেট দখল কৰিছিল। আনহাতে জগৱাল শ্ৰীনাথ আৰু ৰবিচন্দ্ৰন অশ্বিন যৌথভাৱে এই তালিকাত পঞ্চম স্থানত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ