আজি জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ ওপজা দিন৷ ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে জন্মলাভ কৰা দীপলিনা এতিয়া নতুন প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় কণ্ঠশিল্পী৷ দীপলিনাৰ গীত, দীপলিনাৰ অভিনয় তথা দীপলিনাক এবাৰ কাষৰ পৰা লগ পোৱাৰ সপোন প্ৰায় প্ৰতিজন যুৱপজন্মৰ মনতেই আছে৷ মৰমৰ দীপলিনা ৩৩ বছৰীয়া হ’ল৷ ৩৩ বছৰীয়া ওপজা দিনটোতেই দীপলিনাই শ্বেয়াৰ কৰিলে জীৱনৰ এক উল্লেখযোগ্য কাহিনী৷ কাহানিও নিজকে খুলি নিদিয়া দীপলিনাই সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে জনালে ব্যক্তিগত কিছু কথা৷ জনতাৰ পৰা বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতাও৷
ওপজা দিনত দীপলিনাই লিখিছে, ‘প্ৰথমবাৰ জন্মদিনত কোনো গীতৰ মুক্তি…প্ৰথমবাৰ জন্মদিনত কৰ্ম…প্ৰথমবোৰ বিশেষ, প্ৰথমবোৰ স্নিগ্ধ।This will be the first birthday release. This is the first time I will be working on my birthday. Firsts are special. Firsts are satisfying. Hopeful for a wholesome day tomorrow. আশীৰ্বাদ আৰু সহযোগিতাৰ প্ৰয়োজন। ভালে থাকক সকলো See you all tomorrow in Radisson Blue Hotel for the official Music Video launch in Youtube. Stay tuned to my channel
’
উল্লেখ্য যে দীপলিনা ডেকাৰ জন্ম হৈছিল ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে। তেওঁৰ পিতৃ বাবুল কুমাৰ ডেকা আৰু মাতৃ পদুমী ডেকা৷ তেওঁৰ পিতৃয়ে নগাঁৱৰ কাগজ কলত চাকৰি কৰিছিল। সন্তানৰ ভিতৰত দীপলিনা কনিষ্ঠ, তেওঁৰ এগৰাকী জ্যেষ্ঠা ভগ্নী আছে। কেন্দ্ৰীয় বিদ্যালয় জাগীৰোডৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ মহৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰে৷ পঢ়ি থকা সময়ৰে পৰা নৃত্য, সংগীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছে। দীপলিনাই কথক নৃত্যৰ প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সঙ্গীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ ২০০৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাতো চতুৰ্থ স্থান লাভ কৰিছিল৷ শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ’ কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময় জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তাৰপিছত চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ’ গানৰ এলবাম “নোৱাৰি নোৱাৰি” মুক্তি পায় যাৰ সহ-শিল্পী আছিল তৰুণ তন্ময়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ