উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি৷ পূৰ্বৰ এটা দিনৰ তুলনাত প্ৰায় ৬ শতাংশ হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷ আজিৰ দিনটোত দেশৰ কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই হৈছেগৈ ২. ৩৫ লাখ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৮৭১ গৰাকী কোভিড ৰোগীৰ৷
সম্প্ৰতি মুঠ সংক্ৰমণৰ হাৰ ৪.৯১ শতাংশ হ্ৰাস পাইছে যদিও নেচনেল ৰিক’ভাৰী ৰে’ট হ্ৰাস পাইছে ৯৩.৮৯ শতাংশলৈ৷ ইফালে ২৬ জানুৱাৰী পৰ্যন্ত ৪০০ খন জিলাত পজিটিভিটী ৰে’ট হৈছে ১০ শতাংশ৷
উল্লেখ্য, ইতিমধ্যে ভাৰতত কোভিড ভেকচিনেচন অভিযানে সামৰি লৈছে ১৬৪.০৪ কোটি ড’জ৷ ৯৫ শতাংশ যোগ্য ভাৰতীয়ই গ্ৰহণ কৰিছে প্ৰথম ড’জ ভেকচিন আৰু দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে ৭৪ শতাংশ লোকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ