অসম লাইভ ২৪ঃ আগষ্টৰ পৰা ভাৰতত ব্যাপকভাৱে উপলব্ধ হ’ব কোভিড ভেকচিন স্পুটনিক-৫। চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা ভাৰতে নিজেই উৎপাদন কৰিব ৰাছিয়াৰ কোভিড ভেকচিন স্পুটনিক-৫। শীঘ্ৰেই ৰাছিয়াই ভাৰতলৈ প্ৰেৰণ কৰিব উৎপাদন প্ৰযুক্তি। শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডি বি ভেংকাটেশ বাৰ্মাই জনালে এই কথা। লগতে তেওঁ কয়, মে’ৰ শেষত ৩ মিলিয়ন ড’জ ভেকচিন ভাৰতলৈ প্ৰেৰণ কৰিব ৰাছিয়াই আৰু জুন পৰ্যন্ত ভাৰতে পাব ৫ মিলিয়ন ড’জ ভেকচিন। প্ৰাথমিক পৰ্যায়ত ৮৫০ মিলিয়ন ড’জ উৎপাদনৰ লক্ষ্য কৰিছে ভাৰতে। ভাৰতৰ ‘ড০ ৰেড্ডীছ’ৰ সহযোগত ৰাছিয়াই যুটীয়াভাৱে উৎপাদন কৰে স্পুটনিক-৫। বৰ্তমানলৈকে ভাৰতলৈ প্ৰেৰণ কৰিছে ২ লক্ষাধিক ড’জ ভেকচিন। ৰাষ্ট্ৰদূত ডি বি ভেংকাটেশ বাৰ্মাই কয়, ‘প্ৰথম পৰ্যায়ত ডেৰ লক্ষাধিক ড’জ স্পুটনিক-৫ আৰু পৰৱৰ্তী পৰ্যায়ত ৬০,০০০ ড’জ ভেকচিন ভাৰতলৈ প্ৰেৰণ কৰা হৈছে’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















