অসম লাইভ ২৪ঃ ব্লেক ফাংগাছক লৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীলৈ আহ্বান কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ। ব্লেক ফাংগাছ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই ছোনীয়া গান্ধীয়ে। পত্ৰযোগে এই ৰোগ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঔষধ আৰু ভেকচিনৰ যোগান নিশ্চিত কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ভাৰত চৰকাৰৰ আয়ুষ্মান ভাৰত যোজনা আৰু অন্যান্য স্বাস্থ্য বীমা আঁচনিৰ অধীনত এই ৰোগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় ছোনিয়া গান্ধীয়ে। লগতে ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিবলৈও পত্ৰযোগে আহ্বান। ছোনীয়া গান্ধীয়ে কয়, ‘মহামাৰী ঘোষণা কৰাৰ অৰ্থ এয়াই যে চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধৰ পৰ্যাপ্ত উৎপাদন আৰু সৰবৰাহ কৰা আৱশ্যক। লগতে ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ প্ৰয়োজন। মিউকৰমাইক’ছিছত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা উচিত’। উল্লেখ্য, ব্লেক ফাংগাছত আক্ৰান্ত অধিকাংশ লোক কোভিড আৰোগ্য হোৱা ব্যক্তি। ভাৰতৰ কেইবাখনো ৰাজ্যত সম্প্ৰতি ব্লেক ফাংগাছ অৰ্থাৎ ক’লা ভেঁকুৰত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। অসমতো ব্লেক ফাংগাছত আক্ৰান্ত হৈ এগৰাকী ৰোগীৰ মৃত্যু হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ