অসম লাইভ ২৪ঃ আজিৰে পৰা দেশজুৰি আৰম্ভ ‘টীকা উৎসৱ’। ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ‘টীকা উৎসৱ’ৰ প্ৰাসংগিকতা অনস্বীকাৰ্য বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশত ক’ৰোনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৮ এপ্ৰিলত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। সেইমৰ্মে ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিল পৰ্যন্ত দেশে পালন কৰিব ‘টীকা উৎসৱ’। কিন্তু এই সময়ছোৱাত অসমত প্ৰতিষেধকৰ নাটনি হ’ব বুলি উল্লেখ কৰে ৰাজ্যৰ স্বাস্থ্যসচিব সমীৰ সিনহাই। দেওবাৰৰ পৰা ৰাজ্যত উপলব্ধ থাকিব মাত্ৰ ২.৩০ লাখ ড’জ কোভিড ভেকচিন। এই কথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ক অৱগত কৰিছে ৰাজ্যৰ স্বাস্থ্যসচিব সমীৰ সিনহাই। বিহাৰ, পঞ্জাৱ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন স্থানত ভেকচিনৰ অভাৱ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















