ৰাছিয়াৰে বন্ধুত্ব সুফল লাভ কৰিবলৈ আৰম্ভ কৰিছে ভাৰতে৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণক মুক্তকণ্ঠেৰে বিৰোধ নকৰি ভাৰতে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে৷ এতিয়া ভাৰতে এই কূটনৈতিক স্থিতিৰ বাবে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল লাভ কৰিছে৷
ইফালে বৈদেশিক মন্ত্ৰলায়ৰ মুখপাত্ৰ অৰিন্দম বাগছিয়ে বৃহস্পতিবাৰে কয় যে ৰাছিয়াৰ পৰা ভাৰতৰ সৈতে কিছু ইউৰোপীয় দেশেও ৰাছিয়াৰ পৰা হেৰাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰিছে৷
আনহাতে, মস্কোৱে ভাৰতক কেৱল খাৰুৱা তেলেই নহয় অন্যান্য সামগ্ৰীও ৰেহাই মূল্যত প্ৰদান কৰিব৷
লগতে পঢ়ক স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে আমেৰিকা, কানাডাসহ ইউৰোপীয় ইউনিয়নৰ দেশসমূহে ৰাছিয়াৰ সৈতে বাণিজ্যিক আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতা বলৱৎ কৰাৰ লগতে খাৰুৱা তেল আমদানিও নিষিদ্ধ কৰিছে৷ ইয়াৰ ফলত ৰাছিয়াৰ অৰ্থনীতি সংকটৰ সন্মুখীন হৈছে৷
ইয়াৰ পিছতে ৰাছিয়াই খাৰুৱা তেলৰ লগতে অন্যান্য সামগ্ৰী ভাৰতক হেৰাই মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে ৰেহাই মূল্যত ৰাছিয়াৰ পৰা প্ৰধানতঃ খাৰুৱা তেলহে আমদানি কৰিছে৷
লগতে পঢ়ক বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ
বাগছিয়ে লগতে কয় যে ভাৰতৰ বাবে খাৰুৱা তেলৰ প্ৰধান যোগানকাৰী ৰাছিয়া নহয়৷ কিন্তু ভাৰতে এতিয়া ৰাছিয়াৰ পৰা অধিক পৰিমাণে খাৰুৱা তেলৰ সৈতে অন্যান্য সামগ্ৰী আমদানি কৰাৰ বাবে বিবেচনা কৰি আছে৷ বাগছিৰ মতে ভাৰত প্ৰধানতঃ খাৰুৱা তেলৰ আমদানীকাৰী হ’লেও এতিয়া শক্তিখণ্ডৰ প্ৰয়োজনীয় সামগ্ৰী আমদানিতো গুৰুত্ব দিছে৷
প্ৰকাশ পোৱা অনুসৰি ভাৰতীয় তেল নিগমে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত কে’বামিলিয়ন খাৰুৱা তেল ক্ৰয় কৰিছে৷
ইফালে জাৰ্মানীয়েও ৰাছিয়াৰ পৰা গেছ আমদানি বন্ধ নকৰাত বিশ্ব সম্প্ৰদায়ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ এনে পৰিপ্ৰেক্ষিতত ভাৰতেও ৰাছিয়াৰ পৰা ইউক্ৰেইন আক্ৰমণ সন্দৰ্ভত নিজৰ স্থিতিক লৈ অনাগত দিনবোৰত পশ্চিমীয়া দেশসমূহৰ পৰা বৰ্ধিত চাপৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ