অমিক্ৰণৰ কমিউনিটী ট্ৰান্সমিচন আৰম্ভ, দেশত অমিক্ৰণৰ ছাব-ভেৰিয়েণ্ট BA.2ৰ দ্ৰুত সংক্ৰমণ৷ অমিক্ৰণৰ নতুন BA.2 ষ্ট্ৰেইনে পুনৰ চিন্তিত কৰি তুলিছে বিশ্ববাসীক৷ নতুন নতুন ভেৰিয়েণ্টৰ সৃষ্টিয়ে বৃদ্ধি কৰিছে কোভিড ভয়াৱহতা৷
অমিক্ৰণৰ তুলনাত অধিক দ্ৰুতগতিত বৃদ্ধি হৈছে BA.2 ষ্ট্ৰেইনৰ সংক্ৰমণ৷ UKHSA ৰ তথ্যত স্পষ্ট হৈছে এই কথা৷ অমিক্ৰণৰ নতুন ষ্ট্ৰেইন BA.2৷ ভাৰতত BA.2 ষ্ট্ৰেইনৰ ৫৩০ টা ছেম্পল এতিয়ালৈকে পোৱা হৈছে৷ অমিক্ৰনকৈও অধিক বিপজ্জনক বুলি চিহ্নিত হৈছে এই নতুন ষ্ট্ৰেইন BA.2৷ লণ্ডনত চিনাক্ত হৈছে BA.2 সংক্ৰমিত ৰোগী৷
বিশ্বৰ প্ৰায় ৪০ খন দেশত অমিক্ৰণৰ নতুন ছাব-ভেৰিয়েণ্টৰ সংক্ৰমিত হৈছে৷ অমিক্ৰণৰ তুলনাত নতুন ষ্ট্ৰেইন BA.2ৰ ভয়াৱহতা সন্দৰ্ভত অধ্যয়ন আৰম্ভ কৰিছে বিশেষজ্ঞই৷ ইফালে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াৱহ ৰূপত বৃদ্ধি পাই আছে কোভিড সংক্ৰমণ৷ দৈনিক পজিটিভিটী হাৰ হৈছেগৈ ২০.৭৫ শতাংশ৷ বিগত ২৪ ঘন্টাত দেশত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৩.০৬ লাখলৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















