চাইনিজ এপৰ বিৰুদ্ধে চতুৰ্থটো ডিজিটেল ষ্ট্ৰাইক ভাৰতৰ৷ দেশৰ সুৰক্ষাৰ খাতিৰত ৫৪টাকৈ চীনা এপ পুনৰ নিষিদ্ধ ঘোষণা কৰিলে ভাৰতে৷ ভাৰতৰ প্ৰযুক্তি আৰু IT মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰে এপসমূহ৷ বৰ্তমানলৈকে ৩০০টা চীনা এপৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে ভাৰতে৷ Sweet Selfie HD, Beauty Camera – Selfie Camera, Viva Video Editor, Tencent Xriver, Onmyoji Arena, AppLock আৰু Dual Space Liteৰ দৰে এপসমূহ বন্ধ হ’ব ভাৰতত৷
এই এপসমূহ বন্ধ কৰিবৰ বাবে গুগল প্লে’ ষ্টৰলৈ নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে৷ উল্লেখ্য, ২০২০ চনৰ জুনত প্ৰথমবাৰৰ বাবে ভাৰতে চীনাএপ নিষিদ্ধ ঘোষণা কৰিছিল৷ TikTok, UC Browser, Shareit, WeChatৰ দৰে জনপ্ৰিয় এপ বন্ধ কৰি দিছিল ভাৰতে৷ পৰৱৰ্তী সময়ত ছেপ্টেম্বৰ মাহত ১১৮ টা এপ নিষিদ্ধ কৰিছিল ভাৰতে৷ ২০২০ নবেম্বৰত পুনৰ ৪৩ টা চীনা এপৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষনা কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ