অসম লাইভ২৪ঃ বিশ্বকাপত ভাৰত পাকিস্তান মেচত এইবাৰ ৮-০ ৰেকৰ্ড গঢ়িবলৈ নামিছে ভাৰত। বাবৰ বাহিনীক ধৰাশায়ী কৰিবলৈ সকলো প্ৰকাৰে প্ৰস্তুত হৈয়েই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নামিছে ভাৰত। বাবৰ বাহিনীৰো লক্ষ্য যিকোনো প্ৰকাৰে এই মেচত জিকি সন্মান ৰক্ষা কৰা। কিন্তু প্ৰথম ইনিংছতেই মুখ থেকেছা খাইছে বাবৰ বাহিনীয়ে। নিৰ্ধাৰিত ৫০ অভাৰো তেওঁলোকে বেটিং কৰিব নোৱাৰিলে। ৪২.৫ অভাৰতেই শেষ হ’ল পাকিস্তানৰ ইনিংছ। ভাৰতৰ বলিঙৰ সন্মুখত টিকি থাকিব নোৱাৰিলে পাক বেটাৰ। ICC-ৰ তালিকাত থকা 2 নম্বৰ দলৰ অহংকাৰ যেন ভাঙি গ’ল প্ৰথম ইনিংছতেই।
টছত জিকি ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। পাকিস্তান দলৰ হৈ অপেনাৰ হিচাপে আছিল আব্দুল্লা শ্বফিক আৰু ইমাম উল হক। অপেনিং ভাল হ’লেও অপেনাৰদ্বয়ক প্ৰথম ধাক্কা দিয়ে মহম্মদ ছিৰাজে। মহম্মদ ছিৰাজে LBW কৰে আব্দুল্লা শ্বফিকক। ২০ ৰান কৰি আউট হয় আব্দুল্লা। তাৰপাছতেই দ্বিতীয় উইকেট লয় হাৰ্দিক পাণ্ডিয়া। ইমাম উল হক আউট হয় ৩৬ ৰানত। তাৰপাছতেই বাবৰ আজম আৰু মহম্মজ ৰিজোৱান। তেওঁলোকৰ যুঁটিটোৱে ৫০ ৰান পাৰ্টনাৰশ্বিপ তৈয়াৰ কৰে। বাবৰ আজম আৰু মহম্মদ ৰিজোৱানৰ বেটিং দেখি বহুতেই পোনতে চেঞ্চুৰী কোবাব বুলি আশা কৰিছিল যদিও হাফচেঞ্চুৰি কৰোতেই ক্লিন বল্ড কৰে মহম্মদ ছিৰাজে। ইয়াৰ পাছৰে পৰা এটাৰ পাছত আনটো উইকেট হেৰুৱাই থাকে পাকিস্তানে। ১৫৫ ৰানত বাবৰৰ পাছত আউট হয় ছাউড শ্বাকিল, ইফতিকাৰ আহমেদ, মহম্মদ ৰিজোৱান, ছাদাৰ খান। এওঁলোকৰ মাজতেই ৰিজোৱান আউট হয় ৪৯ ৰানত।
ৰিজোৱান আউট হোৱাৰ পাছত পাকিস্তানৰ বেটিং স্কিল অৰ্ধনমিত হয়। ছাদাৰ খান আৰু ৰিজোৱানক আউট কৰায় বুমৰাহে। যি পিচত বল টাৰ্ন নহয় বুলি কোৱা হয় সেই পিচতেই বুমৰাহে বল টাৰ্ন কৰাই দুটাকৈ উইকেট লয়। পাকিস্তান দলৰ হৈ সৰ্বোচ্চ ৰান কৰিছে অধিনায়ক বাবৰ আজমে। প্ৰথমবাৰৰ বাবে বাবৰ আজমে ৫০ ৰান কৰিবলৈ সক্ষম হৈছে। বাবৰৰ পাছতেই আছে ৰিজোৱান। ৰিজোৱানে ৪৯ ৰান কৰিবলৈ সক্ষম হৈছে। নিৰ্ধাৰিত ৫০ অভাৰৰ খেলত ৫০ অভাৰলৈকে টিকি নাথাকিল পাকিস্তান। ৪২.৫ অভাৰত পাকিস্তানৰ ৰান ১৯১। ভাৰতৰ হৈ দুটাকৈ উইকেট লৈছে জছপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ