অসম লাইভ ২৪ঃ কোভিডৰ বুষ্টাৰ ড’জৰ অনুমোদন সন্দৰ্ভত চিন্তা-চৰ্চা চলাইচে ভাৰতে৷ কেন্দ্ৰৰ বিশেষজ্ঞ পেনেলৰ বৈঠকত আলোচনা অব্যাহত আছে৷ কোভিশ্বিল্ডৰ বুষ্টাৰ ড’জৰ অনুমোদনৰ পূৰ্বে বিশেষজ্ঞ পেনেলে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক স্থানীয় ক্লিনিকেল ট্ৰায়েলৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ ১ ডিচেম্বৰত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই কোভিশ্বিল্ডৰ বুষ্টাৰ ড’জক অনুমোদনৰ বাবে আৱেদন জনাইছিল DCGIক৷ অমিক্ৰণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই দেশত প্ৰয়োজন হ’ব কোভিড ভেকচিনৰ বুষ্টাৰ ড’জৰ৷ বিশ্বৰ ৬০ খন দেশত ইতিমধ্যে বুষ্টাৰ ড’জক অনুমোদন প্ৰদান কৰা হৈছে৷ ইপিনে ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমিত লোকৰ সংখ্যা৷ বৰ্তমানলৈকে ৩৭ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে অমিক্ৰণত৷ ডেল্টা ভেৰিয়েণ্টৰ তুলনাত ৫ গুণ দ্ৰুত গতিত বৃদ্ধি হৈছে অমিক্ৰণৰ সংক্ৰমণ৷ বিভিন্ন দেশৰ লগতে ভাৰততো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ