অসম লাইভ ২৪…
১৪০ কোটি ভাৰতীয়ৰ আশাত চেঁচা পানী ঢালিলে টীম ইণ্ডিয়াই
চলিত বৰ্ষৰ টী-২০ বিশ্বকাপ ছেমিফাইনেলত মুখথেকেচা খালে ভাৰতে। ছেমিফাইনেলখনত ইংলেণ্ডৰ অপেনাৰ যুটিয়ে ধৰাশায়ী কৰিলে টীম ব্লুক। কিন্তু কিয় পৰাজয়বৰণ কৰিলে প্ৰতিভাৱান ভাৰতীয় দলটোৱে ?
ব্যৰ্থ ৰোহিত-ৰাহুল-সূৰ্য
ক্ৰিকেটত অপেনাৰ যুটিৰ বিশেষ ভূমিকা থাকে দলটোত। কিন্তু ছেমিফাইনেলত সেই ভূমিকা দেখা পোৱা নগ’ল ভাৰতীয় দলটোত। ভাৰতীয় দলটোৰ অপেনাৰ পুনৰবাৰ ব্যৰ্থ হ’ল খেল দেখুওৱাত। আজিৰ খেলখনত মাত্ৰ ৫ ৰান কৰিয়েই পেভিলিয়ন উভতিল কে এল ৰাহুল, লগতে ২৮ বলত ২৭ ৰান কৰি পেভিলিয়ন উভতিল অধিনায়ক ৰোহিত শৰ্মা। গোটেই বিশ্বকাপখনত আকৰ্ষণীয় ৰান কৰাৰ পৰা বিৰত থাকিল কে এল ৰাহুল। বাৰে বাৰে সুবিধা পোৱাৰ পাছতো খেল দেখুওৱাব নোৱাৰিলে কে এল ৰাহুলে। অধিনায়ক ৰোহিত শৰ্মাও ছেমিফাইনেলত বিশেষ ৰান কৰিব নোৱাৰিলে। অতি গুৰুত্বপূৰ্ণ খেলখনত অপেনাৰদ্বয়ৰ ভূমিকাক লৈ আক্ষেপ প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীয়ে। আনফালে, অন্য খেলৰ দৰে এইখন খেলত দলটোক শকত ৰানৰ টোপোলা দিব নোৱাৰিলে সূৰ্য কুমাৰ যাদৱে। আদিল ৰছিদৰ স্পীন বলত উইকেট হেৰুৱাবলগীয়া হয় প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে।
দুৰ্বল বলিং প্ৰদৰ্শন
ভাৰতীয় দলটোৰ বলিং প্ৰদৰ্শনো বিশেষ আকৰ্ষণীয় নাছিল। প্ৰথম পাৱাৰ প্লেত ভুৱনেশ্বৰ কুমাৰ উইকেট লোৱাৰ পৰা বঞ্চিত থাকিল। গোটেই ইনিংছটোত এটাও উইকেট ল’বলৈ সক্ষম নহ’ল বলাৰকেইগৰাকীয়ে। পাৱাৰ প্লেত সৰ্বমুঠ ৬৩ ৰান দি এটাও উইকেট ল’ব নোৱাৰিলে ভাৰতীয় দলটোৱে। স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনেও উত্তম প্ৰদৰ্শন দেখুৱাবলৈ নোৱাৰিলে। উল্লেখযোগ্য যে ভাৰতীয় দলটোত অন্তৰ্ভুক্ত থকা য়ুজৱেন্দ্ৰ চহলক এখনো খেল খেলিবলৈ দিয়া নহ’ল। যাৰ বাবে সামাজিক মাধ্যমত আক্ষেপ উজাৰিছে ক্ৰিকেটপ্ৰেমীসকলে।
প্ৰথম ইনিংছত সন্মান ৰক্ষাৰ যুঁজ
প্ৰথম ইনিংছত ঘনে ঘনে এজন এজন বেটছমেন পেভিলিয়ন যোৱাৰ সময়তে খেলখন ধৰি ৰখাত সহায় কৰিছিল বিৰাট কোহলীয়ে। গুৰুত্বপূৰ্ণ খেলখনত কোহলীৰ আকৰ্ষণীয় ৫০ ৰান আছিল বিশেষ উপহাৰ। ভাৰত পৰাস্ত হৈছিল, কিন্তু কোহলি আৰু হাৰ্ডিক পাণ্ডিয়াৰ অৱদান বহুত গুণে সন্মান ৰক্ষা কৰিলে ভাৰতৰ। ১১.২ অভাৰত মাত্ৰ ৭৫ ৰান হৈ কৰিবলৈ সক্ষম হৈছিল দলটোৱে। কিন্তু দুয়োগৰাকী ক্ৰীড়া তাৰকাৰ যুটীয়ে বেচ আমোদ দিছিল ক্ৰিকেটপ্ৰেমী জনতাক। হাৰ্দিক পাণ্ডিয়াৰ ৬৩ ৰান দলটোৰ সৰ্বাধিক আছিল। ৫ টা ছিক্স আৰু ৪টা বাউণ্ডেৰীৰে শেষ বললৈকে খেলখন ধৰি ৰাখিছিল হাৰ্দিক পাণ্ডিয়াই।
যিকোনো খেলতেই জয়-পৰাজয় থাকে আৰু এই পৰাজয়ৰ পৰা ভাৰতীয় দলটোৱে কি শিক্ষা গ্ৰহণ কৰে, সেইটোহে লক্ষ্যণীয় হ’ব। আগন্তুক টীম ইণ্ডিয়াৰ খেলত উত্কৃষ্ট খেল দেখিবলৈ পাব বুলি সকলোৱে আশা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ