অসম লাইভ২৪ঃ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকাক। পুৱা গ্ৰেপ্তাৰ কৰা হয় ৰাজপত্ৰিত বিষয়াজনক। আৰতী তুৰী হত্যাকাণ্ডত সাঙোৰ খাইছিল আশীৰ্বাদ হাজৰিকাৰ নাম। ইফালে তিনিগৰাকীকৈ চিকিৎসকে জামিন আবেদন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। অগ্ৰিম জামিন আবেদন কৰিছিল আশীৰ্বাদ হাজৰিকায়ো।
আশীৰ্বাদ হাজৰিকাৰ আবেদনৰ শুনানি আছে আজি উচ্চ ন্যায়ালয়ত। CID-ৰ তৰফৰ পৰা বেইল অবজেকশ্যন জমা দিছে উচ্চ ন্যায়ালয়ত। শুনানিৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰা হয় আশীৰ্বাদ হাজৰিকাক। উচ্চ ন্যায়ালয়লৈ ৰাওনা হৈছে CIDৰ এটা দল। জামিনৰ বিৰোধিতা কৰিবলৈ কেছ ডায়েৰী জমা দিব দলটোৱে। ইফালে, ধূলা কাণ্ডৰ লগত জড়িতৰ অভিযোগ থকা তিনি চিকিৎসক ক্ৰমে ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা আৰু ডাঃ অজন্তা বৰদলৈক আজি পুনৰ মঙ্গলদৈ আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে তিনি চিকিৎসকে জামিন আবেদন জনাইছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। আজি শুনানি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ