বুমৰাহ অবিহনেও চেম্পিয়নছ ট্ৰফীৰ প্ৰৱল দাবীদাৰ ভাৰত, বুমৰাহৰ বিকল্প দলৰ হাতত
২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’বলৈ মাজত এতিয়া ১০ দিনতকৈও কম সময় বাকি। টিম ইণ্ডিয়াকে ধৰি সকলো দলে নিজৰ দলত পৰিৱৰ্তন কৰাৰ অন্তিম তাৰিখ আজি ১১ ফেব্ৰুৱাৰী। দলসমূহৰ হাতত এতিয়া কেৱল নিশা ১২ বজালৈকে সময়, দলত যিকোনো পৰিৱৰ্তন কৰাৰ বাবে।
ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত অষ্ট্ৰেলিয়া ভ্ৰমণত আঘাতপ্ৰাপ্ত ভাৰতৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহে প্ৰত্যাৱৰ্তন কৰিব পাৰিব বুলি আশা কৰা হৈছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাই।
এই বৃহৎ প্ৰতিযোগিতাখনৰ বাবে বুমৰাহ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ আৰু যদি তেওঁ চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হয় তেন্তে ভাৰতীয় দলটো নিশ্চিতভাৱে হতাশ হ’ব। কিন্তু দলৰ হাতত বুমৰাৰ বিকল্প আছেনে। বুমৰাহ অবিহনে টিম ইণ্ডিয়াই এই প্ৰতিযোগিতাত জয়ী হ’ব পাৰিবনে!
উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমণত খেলা অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত আঘাতপ্ৰাপ্ত হৈছিল জশপ্ৰিত বুমৰাহ। বুমৰাহ পিঠিৰ আঘাতৰ বাবে দ্বিতীয় ইনিংছত বল কৰিব পৰা নাছিল আৰু টিম ইণ্ডিয়াই মেচখনত ৬ উইকেটত পৰাস্ত হৈছিল।
বৰ্তমান বুমৰাহ এনচিএত, য’ত তেওঁ অতি সোনকালে সুস্থ হৈ উঠিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। বুমৰাহ দলৰ বাবে অতিকে গুৰুত্বপূৰ্ণ খেলুৱৈ, কিন্তু তেওঁৰ অবিহনেও টিম ইণ্ডিয়া চেম্পিয়নছ ট্ৰফী জয়ৰ শক্তিশালী প্ৰতিদ্বন্দ্বী।
চেম্পিয়নছ ট্ৰফীত অন্তৰ্ভুক্ত হৈছে বুমৰাহৰ উপৰি দুগৰাকী বেগী বলাৰ। তেওঁৰ লগতে মহম্মদ শ্বামী আৰু অৰ্শদীপ সিঙকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে অৰ্শদীপ সিঙে যি ধৰণে বলিং কৰিছিল, সেইটোৱে দলক আত্মবিশ্বাস প্ৰদান কৰিছে ।
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে মহম্মদ শ্বামীয়েও কামবেক কৰিছে। আনহাতে শ্বামীৰ বহু অভিজ্ঞতা আছে। ১০৩খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত ১৯৭টা উইকেট দখল কৰিছে।
ইয়াৰ উপৰি ভাৰতীয় দলটোত ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা ৰূপত ৪ জন স্পিনাৰ আছে, ইয়াৰে ৩ জন খেলুৱৈয়ে প্লেইং ১১ ত থাকিব পাৰে। লগতে বেটিম অৰ্ডাৰো শক্তিশালী ভাৰতৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















