ডিজিটেল ডেস্কঃ আপুনি কি কোম্পানীৰ ফোন চলায়! samsungৰ ফোন আপুনি ব্যৱহাৰ কৰে নেকি! যদিহে samsungৰ ফোন আপুনি ব্যৱহাৰ কৰে, তেন্তে এই খবৰ আপোনাৰ বাবেই। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে samsung ব্যৱহাৰকাৰীলৈ সৰ্তকবাণী প্ৰদান কৰিছে। অতিশীঘ্ৰে samsung ফোন সমূহ আপডেট কৰিবলৈ সকলো ব্যৱহাৰকাৰীক পৰামৰ্শ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় চৰকাৰে সৰ্তকবাণী প্ৰদান কৰি কৈছে যে, যিসকলে চেমচাঙৰ এনডয়ৰড ১১, ১২, ১৩ আৰু ১৪ মডেলৰ ফোন ব্যৱহাৰ কৰি আছে, তেওলোকে অচিৰেই আপডেট কৰক তেওঁলোকৰ ফোন। যদিহে আপডেট নকৰে, তেনেহলে তেওঁলোকৰ বহু গোপন তথ্য লীক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় চৰকাৰে লগতে সকলো ব্যৱহাৰকাৰীক জনাইছে যে, চেমচাঙৰ সকলো ব্যৱহাৰকাৰীয়ে এই এৰ্লাট গুৰুত্বসহকাৰে লওক। বিশেষকৈ ১১ আৰু ১৪নং মডেলৰ ফোন ব্যৱহাৰীয়ে এই সৰ্তকতা গুৰুত্ব সহকাৰে লওক। যদিহে কোনো ব্যৱহাৰীয়ে তেওঁলোকৰ ফোনসমূহ আপডেট নকৰাকৈ ব্যৱহাৰ কৰি থাকে, তেনেহলে বহু সংবেদনশীল তথ্য হেক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ