অসম লাইভ২৪ঃ বিপদত ভাৰতীয় জাতীয় হকী দলৰ খেলুৱৈ বৰুণ কুমাৰ। তেওঁৰ বিৰুদ্ধে বাংগালুৰু আৰক্ষীৰ ওচৰত এগৰাকী যুৱতীয়ে POCSO আইনৰ অধীনত তৰিছে গোচৰ। বৰুণ কুমাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰো অভিযোগ আনিছে যুৱতীগৰাকীয়ে। কিছুদিন পূৰ্বেই বৰুণে DSP হিচাপেও নিযুক্তি লাভ কৰিছে। DSP হিচাপে নিযুক্তি পোৱাৰ দুদিন পাছতেই বৰুণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।
ভাৰতীয় দণ্ডবিধি ধাৰা ৩৭৬(ধৰ্ষণ), ৪২০(প্ৰতাৰণা)ৰ গোচৰ ৰুজু কৰা হৈছে আৰু POCSOছেকশ্ব্যনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযোগ দাখিল কৰা যুৱতীগৰাকীৰ বয়স ২১ বছৰ। তেওঁৰ অভিযোগ যে, বিগত প্ৰায় ৫বছৰ ধৰি বৰুণ কুমাৰে তেওঁৰ সৈতে সহবাস কৰি আহিছে। বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্কও স্থাপন কৰি আহিছে। বৰুণৰ বিৰুদ্ধে বাংগালুৰু জননাভাৰতী থানাত অভিযোগ দাখিল কৰিছে যুৱতীগৰাকীয়ে।
বিগত ৫ফেব্ৰুৱাৱীত এই অভিযোগ দাখিল কৰা হৈছে। অভিযোগকাৰী যুৱতী হায়দৰাবাদৰ বাসিন্দা। তেওঁ বৰুণৰ সৈতে ২০১৮ চনত ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকী হৈছিল। অৰ্জুন পুৰস্কাৰপ্ৰাপ্ত বৰুণৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল যুৱতীগৰাকী। বৰুণৰ সৈতে যুৱতীগৰাকী চিনাকি হোৱাৰ সময়ত বৰুণে SAIত অনুশীলন কৰি আছিল। যুৱতীগৰাকীয়ে জনোৱা অনুসৰি তেওঁ বৰুণৰ সৈতে এই সম্পৰ্কৰ পৰা আঁতৰি আহিবলৈ চেষ্টা চলাইছিল যদিও বৰুণে নিজেই তেওঁৰ সৈতে সম্পৰ্ক ৰাখিবলৈ চেষ্টা চলাইছিল। ২০১৯ চনত বাংগালুৰু জয়নগৰত বৰুণে যুৱতীগৰাকীক লৈ এখন হোটেললৈ যায়। সেই সময়ত যুৱতীগৰাকী নাবালিকা আছিল। বিগত পাঁচ বছৰত তেওঁ যুৱতীগৰাকীৰ সৈতে সহবাস কৰি আহিছে বুলিও জনাইছে যুৱতীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ