ক্ৰিকেট জগতত শোকৰ ঢৌ, ভাৰতীয় কিংবদন্তি খেলুৱৈৰ দেহাৱসান
আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেল মেচৰ পূৰ্বে ক্ৰিকেট জগতত শোকৰ ঢৌ। ভাৰতীয় কিংবদন্তি খেলুৱৈ এগৰাকীৰ দেহাৱসান। এইগৰাকী খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াত যথেষ্ট অৰিহণা যোগাইছিল। বিচিচিআইয়ে ছ’চিয়েল মিডিয়াত এই কিংবদন্তিগৰাকীৰ দেহাৱসানৰ বিষয়ে অনুৰাগীসকলক অৱগত কৰে।
মুম্বাইৰ ঘৰুৱা ক্ৰিকেট ছুপাৰষ্টাৰ পদ্মাকৰ শিৱলকাৰৰ ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। তেওঁ আছিল ভাৰতৰ এজন মহান স্পিনাৰ। পদ্মাকৰে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ ১২৪খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল। ভাৰতীয় ক্ৰিকেটলৈ তেওঁৰ অৱদানৰ বাবে বিচিচিআইয়ে তেওঁক ২০১৭ চনৰ নমন বঁটাত কৰ্ণেল চি কে নায়ুডু লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰিছিল।
https://x.com/MumbaiCricAssoc/status/1896590691037523986
কিন্তু ঘৰুৱা ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন কৰাৰ পিছতো পদ্মাকৰে কেতিয়াও ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ নাপালে। বিশান সিং বেদীয়ে সেই সময়ত ভাৰতীয় দলৰ হৈ খেলি থকাৰ বাবে পদ্মদাৰে সুযোগ নাপায়।
স্পিনাৰ হিচাপে পদ্মাকৰ শিৱলকাৰে মুম্বাইৰ হৈ ১২৪খন খেল খেলিছিল। য’ত তেওঁ মাত্ৰ ১৯.৬৯ ৰ আকৰ্ষণীয় বলিং গড়ত ৫৮৯ জন বেটছমেনক পেভিলিয়নৰ বাট দেখুৱাইছিল। লগতে তেওঁ ৪২ বাৰ ৫ উইকেট আৰু ১৩ বাৰ ১০ উইকেট লাভ কৰিছিল। ১৯৭৮ চনত পদ্মাকৰ শিৱলকাৰে অন্তিমখন খেল খেলিছিল। পদ্মাকৰ শিৱলকাৰৰ সময়ত মুম্বাইৰ দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই দেশৰ ভিতৰতে অন্যতম হৈ পৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















