সমগ্ৰ বিশ্বৰ দেশসমূহৰ ধৰ্মীয় স্বাধীনতাৰ ওপৰত নজৰ ৰাখিছে মাৰ্কিন সংস্থা USCIRFয়ে৷ সম্প্ৰতি তেওঁলোকে ২০২৩ চনৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতাৰ ৰিপৰ্টত ভাৰতবৰ্ষক বিশেষ উদ্বেগৰ দেশ বুলি চিহ্নিত কৰিছে৷ এই ৰিপৰ্টত ভাৰত সম্পৰ্কীয় আৰু কেইবাটাও উদ্বেগ প্ৰকাশ কৰা হৈছে৷ বৃহস্পতিবাৰে ভাৰত সম্পৰ্কে USCIRFৰ ৰিপৰ্টকলৈ দেশজুৰি চলিছে চৰ্চা৷ বৃহস্পতিবাৰে ভাৰত সম্পৰ্কে দিয়া এই তথ্যৰ তীব্ৰ বিৰোধীতা কৰিছে ভাৰতীয় সংখ্যালঘু ফাউণ্ডেছন বা চমুকৈ আই এম এফে৷ তেওঁলোকৰ মত, আফগানিস্তান, কিউবা, উত্তৰ কোৰিয়া, ৰাছিয়া আৰু চীনৰ দৰে স্বৈৰাচাৰী শাসনৰ সৈতে তুলনা কৰি ভাৰতৰ ভাৱমূৰ্তি বিকৃত কৰাৰ চেষ্টা কৰিছে মাৰ্কিন সংস্থা়টোৱে৷ ভাৰতৰ গণতান্ত্ৰিক কাঠামো, প্ৰাণবন্ত নাগৰিক সমাজ আৰু ধৰ্মনিৰপেক্ষতাক উপেক্ষা কৰি এই ৰিপৰ্ট প্ৰকাশ কৰিছে৷ আইএম এফে প্ৰশ্ন কৰি কয়, তেওঁলোকৰ এই ৰিপৰ্ট সংঘাতৰ দালাল নে সম্প্ৰীতিৰ হাথিয়াৰ স্পষ্ট কৰক৷
https://x.com/Minoritiesfdn/status/1806344833499316582
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ