• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ প্ৰতিটো খোজতেই ঠেকা খালেও ক্ৰিকেটৰ ২২ গজত তেওঁ অপৰাজিত সৈনিক, নিৰাশাৰ জুই জ্বলি থকা চকুত কেৱল বিশ্বকাপ জয়ৰ সপোন

জীৱনৰ প্ৰতিটো খোজতেই ঠেকা খালেও ক্ৰিকেটৰ ২২ গজত তেওঁ অপৰাজিত সৈনিক, নিৰাশাৰ জুই জ্বলি থকা চকুত কেৱল বিশ্বকাপ জয়ৰ সপোন

2 years ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 minutes ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

20 minutes ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

32 minutes ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

49 minutes ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

1 hour ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

2 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

11 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

11 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

12 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

13 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

14 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জীৱনৰ প্ৰতিটো খোজতেই ঠেকা খালেও ক্ৰিকেটৰ ২২ গজত তেওঁ অপৰাজিত সৈনিক, নিৰাশাৰ জুই জ্বলি থকা চকুত কেৱল বিশ্বকাপ জয়ৰ সপোন

editor by editor
November 16, 2023
in ক্ৰীড়া, বিবিধ, লেখা
0
জীৱনৰ প্ৰতিটো খোজতেই ঠেকা খালেও ক্ৰিকেটৰ ২২ গজত তেওঁ অপৰাজিত সৈনিক, নিৰাশাৰ জুই জ্বলি থকা চকুত কেৱল বিশ্বকাপ জয়ৰ সপোন
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৱাছিম আক্ৰামে কৈছে, ‘মই ইমান ভালধৰণে কাকোৱেই বলিং কৰা দেখা নাই। মহম্মদ ছামিক টোপনিৰ পৰা উঠাই বল কৰিবলৈ দিলেও বোধহয় এই পৰাক্ৰমেৰেই বল কৰিব। এয়া তেওঁৰ কৰ্মৰ ওপৰত থকা আমাৰ দৃঢ়বিশ্বাস।’ মহম্মদ ছামী, বহুতেই ছামীক ছুইঙৰ চুলতান বুলিও কয়। জীৱনত প্ৰতিখন মেচত তেওঁ প্ৰত্যাহ্বানৰ মুখামুখি হ’লেও ক্ৰিকেট মেচক তাৰ প্রভাৱ কাহানিও পৰিবলৈ দিয়া নাই ছামীয়ে। বহু অধ্যবসায়, পৰিশ্ৰম, জেদৰ ফচল ফুলিছে ইডেনৰ পৰা ৱানখেড়ে ষ্টেডিয়ামত।

ছেমিফাইনেলত নিউজিলেণ্ডৰ ডাবল মিচেল আৰু কেন উইলিয়ামছনে যেতিয়া ৪টাকৈ ছক্কা কোৱাইছিল তেতিয়া তেতিয়াই ছামীৰ হাতত বল তুলি দিয়ে ৰোহিত শৰ্মাই। নতুন দুই বলাৰ যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ থাকিলেও সকলোৰে ভৰসা ছামীৰ ওপৰতেই আছিল। প্ৰথমে আউট কৰিছে উইলিয়ামছনক, তাৰপিছতেই সেই অভাৰতেই টম লাথামকো আউট কৰায় ছামীয়ে। তাৰপিছতেই আৰু তিনিটা উইকেল লৈ ছেমিফাইনেলত ছামীৰ প্ৰথম চাৰি উইকেটেই ভাৰতক ফাইনেলত তুলিছে। ভাৰতে প্ৰথম বেট ধৰি ৩৯৭ ৰান কৰিলেও ছামী নাথাকিলে এই মেচ ৰোহিতবাহিনীয়ে জিকাটো সম্ভৱ নাছিল। ছামীয়ে লোৱা ৭উইকেটেই জয়ৰ দিশে আগুৱাই নিছিল ভাৰতীয় দলটোক।

যিগৰাকী মহম্মদ ছামীৰ সকলোৱে নাম লৈছে তেওঁৰ যাত্ৰা কিন্তু ইমান সহজো নাছিল। উত্তৰপ্ৰদেশৰ সাহসপুৰ নামৰ এখন গাওঁৰ পৰা এজন সাধাৰণ যুৱকে সপোন দেখিছিল ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলাৰ। খেল আৰম্ভ কৰিলেও কিন্তু উত্তৰপ্ৰদেশৰ দলৰ হৈ খেলাৰো সুযোগ পোৱা নাছিল ছামীয়ে। তাৰপিছতেই তেওঁ কলকাতালৈ আহে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলাৰ সুযোগো ইমান সহজে লাভ কৰা নাছিল ছামীয়ে। ছামীৰ বাবে আশীৰ্বাদ হৈ আহিছিল ২০০৮ চন। আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলাৰ সুযোগ লাভ কৰে ছামীয়ে। আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ দুবছৰ খেলিছিল মহম্মদ ছামীয়ে। কলকাতাই ক্ৰয় কৰিলেও কিন্তু ছামীয়ে এবাৰো খেলাৰ সুযোগ লাভ নকৰিলে। কেৱল নেটত বলিং কৰিয়েই সময় পাৰ কৰিব লগা হ’ল।

সেই দুবছৰতেই ছামী হৈ উঠিল অপ্ৰতিৰোধ্য। কেকেআৰৰ বলিং কোচৰ পৰা একলব্যৰ দৰেই শিক্ষা গ্ৰহণ কৰিছিল ছামীয়ে। নিজকে প্ৰতিদিনেই তৈয়াৰ কৰিছিল ছামীয়ে। অপেক্ষা কৰিছিল সুযোগলৈ। ২০১৩ চনত পাকিস্তানৰ বিৰুদ্ধে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত যেতিয়া তেওঁৰ অভিষেক ঘটে তেতিয়াই ছামীক যথেষ্ট আত্মবিশ্বাসীৰূপতেই দেখা গৈছিল। ছামীৰ পাৰফৰমেন্স দেখি মহেন্দ্ৰ সিং ধোনীৰ ওঁঠতো হাঁহি এটাই খেলি গৈছিল। সেই বছৰতেই ক্ৰিকেটৰ সকলো ফৰমেটত ভাৰতীয় দলত অভিষেক হয় মহম্মদ ছামীৰ।

ভাৰতীয় দলত অভিষেক ঘটাৰ পাছতেই এটাৰ পাছত আনটো সাফল্য আহিছে মহম্মদৰ হাতলৈ। খেলৰ সময়ত ওঁঠত হাঁহি বিৰিঙি থকা ছামীৰ ব্যক্তিগত জীৱন কিন্তু ইমান সুখৰ নহয়। পত্নী হাছিন জাহানৰ সৈতে সম্পৰ্কও যথেষ্ট বেয়া। কন্যাক লগত লৈ পত্নী হাছিন পৃথকে থাকে। মহম্মদ ছামীৰ ওপৰত পত্নীয়েই তৰিছে নিৰ্যাতনৰ গোচৰ। বিবাহবিচ্ছেদ বিচাৰি পত্নীয়ে কৰিছে বিশেষ আৱেদন। পাৰিবাৰিক জীৱনৰ ওপৰিও ছামীৰ বিৰুদ্ধে একাংশই ক্ৰয় বিক্ৰয় হোৱাৰো অভিযোগ আনিছিল। সকলোবোৰ নিৰৱেই সহিছে ছামীয়ে। বিষয়সমূহক লৈ প্ৰকাশ্যে কোনোধৰণৰ মন্তব্য কৰা নাই ছামীয়ে। পত্নীক লৈয়ো কাহানিও কোনো কথা কোৱা নাই ছামীয়ে।

ছামীয়ে কেৱল নিজৰ খেলতহে সদায়ে মনোনিৱেশ কৰি আহিছে। ব্যক্তিগত জীৱনৰ প্ৰভাৱ তেওঁ কেতিয়াও খেলত পৰিবলৈ দিয়া নাই। এইবাৰৰ বিশ্বকাপত ছামীয়ে স্থান লাভ কৰিলেও মূল একাদশত স্থান লাভ কৰা নাছিল। কিন্তু একাংশ লোকে তেওঁ বিশ্বকাপ খেলাৰ বাবে সুযোগ পোৱাটোকো সহ্য কৰিব পৰা নাছিল। বহুতেই প্ৰশ্ন কৰিছিল, প্ৰায় এবছৰ ক্ৰিকেট নেখেলা ছামীক কেনেকৈ অজিত আগৰকৰৰ নেতৃত্বাধীন নিৰ্বাচক কমিটিয়ে বাছনি কৰিছে? এই সিদ্ধান্তই দলক ডুবাই দিব। দলত সুযোগ পোৱাৰ পিছতো ছামীয়ে কিন্তু খেলাৰ সুযোগ পোৱা নাছিল।

প্রথম চাৰিখন মেচ বেঞ্চত বহি বহিয়েই কটালে ছামীয়ে। বুমৰাহ আৰু ছিৰাজৰ ওপৰতহে অধিনায়ক ৰোহিতৰ সৰ্বাধিক ভৰষা। লগত আছিল দুই পেচাৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু শাৰ্দূল ঠাকুৰ। ছামীয়ে তেতিয়াও কোনোধৰণৰ প্ৰতিবাদ কৰা নাছিল। সতীৰ্থৰ খেলত হাতচাপৰি বজাই বহি বহিয়েই সময় পাৰ কৰিছিল। এই সময় বিৰক্তিকৰ হ’লেও অপেক্ষাই মনক বুজনি দিছিল। সময় সকলোৰে আহে, ছামীৰো সেই সময় আহিল। হাৰ্দিকে আঘাত পোৱাত সলনি হৈ গ’ল সকলো ছবি। দলৰ ভাৰসাম্য ঠিকে ৰাখিবলৈকে পঞ্চম মেচত লোৱা হ’ল ছামীক। নিউজিলেণ্ডৰ বিৰুদ্ধে সেই মেচতেই ছামীয়ে চমক দেখুবালে। প্ৰথমেই ছামীয়ে লয় ৫উইকেট। তাৰপিছৰ মেচত ৪ আৰু তাৰপিছত আকৌ ৫। মুখেৰে উত্তৰ নিদিয়া ছামীয়ে বলেৰেই যেন প্ৰত্তুত্ত্যৰ দিলে প্ৰতিগৰাকী সমালোচকক।

মেচত একপ্ৰকাৰ জুই লগাই দিলে ছামীয়ে। এজনৰ পাছত আনজন বেটাৰ কঁপি উঠিল। বিশ্বকাপৰ ইতিহাসত ভাৰতৰ একমাত্ৰ বলাৰ হিচাপে ৫০ উইকেট ল’লে ছামীয়ে। চলিত বিশ্বকাপত মাত্ৰ ৬খন মেচত সৰ্বাধিক ২৩ উইকেট ল’বলৈ সক্ষম হয় ছামীয়ে। এই ৰেকৰ্ড গঢ়াৰ পাছত স্বামীয়ে মুখ খুলিছে। ৰেকৰ্ড গঢ়াৰ পাছত ছামীয়ে কয়, ‘সুযোগৰ অপেক্ষা কৰিছিলো। খুব বেছি খেলাৰ সুযোগ নাই পোৱা। কিন্তু সুযোগ হাতলৈ আহোতে কেনেকৈ এৰি দিও? লীগ খেলত নিউজিলেণ্ডৰ বিৰুদ্ধেই প্রথম সুযোগ পাইছিলো। বহুতেই বলিঙত বৈচিত্ৰতাৰ কথা কয়। কিন্তু মোৰ লক্ষ্য সদায়ে স্থিৰ। মই কেৱল সঠিক ঠাইত বল পেলোৱাকহে টাৰ্গেট হিচাপে লও। মই এটা কথাতেই বিশ্বাস কৰো যে, সঠিক ঠাইত বল পেলালে নিশ্চয় উইকেট ল’ব পাৰিমেই।’

ছামীয়ে বৰ বেছি কথা নকয়। কিন্তু ছামীৰ কামেই সকলো কথাৰ উত্তৰ দিয়ে। বাৰে বাৰে একাংশ লোকে কৰা অৱজ্ঞাৰ উত্তৰো তেওঁ কামেৰেই দিছে। নিজৰ স্থানৰ পৰা তেওঁ কেতিয়াও বিচলিত হোৱা নাই। ব্যক্তিগত জীৱনত হাজাৰ সংঘাতকো নেওচি ছামীৰ এটা এটা বলত নাচি উঠিছে ১৪০ কোটি ভাৰতীয়। এইবাৰ বিশ্বকাপ ভাৰতে হয়তো জয় কৰি পেলাবও পাৰে। হয়তো অধিনায়ক হিচাপে ৰোহিত শৰ্মাই ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিবও পাৰে। হয়তো ক্ৰিকেটাৰ হিচাপে নোৱাৰিলেও কোচ হিচাপেই বিশ্বকাপ হাতত তুলি ল’ব পাৰে ৰাহুল দ্ৰাবিড়েও। কিন্তু তেওঁলোকৰ সমান্তৰালকৈ আসন নাথাকিলেও ইতিহাসৰ পৃষ্ঠাত জয়ৰ পূৰ্বেই নাম লিখি পেলালে মহম্মদ ছামীয়ে। এতিয়া কেৱল বিশ্বজয়ৰ সপোন আছে ছামীৰো দুচকুত। বিৰাট, ৰোহিতৰ ওপৰিও এতিয়া এই যুঁজত বহুতেই নিৰ্ভৰ কৰিছে ছামীকো। সকলোৱে এইবাৰ ছামীক পৰবৰ্তী মেচত বিচাৰিলেও ছামীয়ে এই সন্দৰ্ভত পূৰ্বৰ দৰেই নিৰৱ ভুমিকাই গ্ৰহণ কৰি আছে।

অপেক্ষা এতিয়া দেওবাৰৰ দিনটোলৈ। সেই দিনাই বিশ্বৰ সকলোতকৈ ডাঙৰ মেচত হাঁহিমুখে নিজৰ ক্ৰিকেট জীৱনৰ সপোনৰ খেলখন খেলিব ছামীয়ে। ছামীৰ প্ৰতিটো উইকেটতেই সমগ্ৰ দেশবাসীৰ সপোনক ঢাপে ঢাপে বাস্তৱৰ দিশলৈ আগুৱাই নিব। এতিয়া প্ৰত্যাহ্বানৰ জুই বৰষা চকুত আছে কেৱল বিশ্বকাপ জয়ৰ সপোন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?
জীৱনশৈলী

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

March 28, 2026
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?
জীৱনশৈলী

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

March 28, 2026
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
বাণিজ্য

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

March 28, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

March 28, 2026
Next Post
কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

কাল ৰবিযোগত সৌভাগ্য সোণৰ দৰে চমকি উঠিব! লক্ষ্মীৰ কৃপাত অৰ্থলাভ হ’ব ৫ ৰাশিৰ জাতকৰ

কাল ৰবিযোগত সৌভাগ্য সোণৰ দৰে চমকি উঠিব! লক্ষ্মীৰ কৃপাত অৰ্থলাভ হ’ব ৫ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.