বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে
ভাৰতীয় ক্ৰিকেট দলৰ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে গঢ়িছে এক নতুন অভিলেখ। ক্ৰিকেটৰ পথাৰৰ বুম বুম বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়ে বৰুণে। টি ২০ ত নতুন ৰেকৰ্ডৰ গৰাকী হয় বৰুণ চক্ৰৱৰ্তী।
আই চি চি টি ২০ ৰেংকিঙত ভাৰতৰ সবাতোকৈ অধিক ৰেটিং লাভ কৰা বলাৰ বিচাপে পৰিগণিত হৈছে বৰুণ। যি ৰেকৰ্ড পূৰ্বে যশপ্ৰীত বুমৰাহৰ নামত আছিল।
আজি ১৭ ডিচেম্বৰ বুধবাৰে আই চি চি য়ে জাৰি কৰা টি ২০ৰ নতুন ৰেকৰ্ড অনুসৰি বৰুণে বুমৰাহক পিছ পেলাই কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেটিং লাভ কৰে।
পূৰ্বে ২০১৭ চনৰ ১ ফেব্ৰুৱাৰীত যশপ্ৰীত বুমৰাহে ইংলেণ্ডৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰি ৭৮৩ ৰেটিং লাভ কৰি সৰ্বাধিক ৰেটিং লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী বলাৰ হিচাপে নাম গঢ়িছিল। সেই ৰেকৰ্ড ৮ বছৰৰ মূৰত বৰুণে ভংগ কৰে। আজি প্ৰকাশিত তালিকাত বৰুণে ৮১৮ ৰেটিং লাভ কৰি টি২০ত বলাৰৰ তালিকাত শীৰ্ষত উপনীত হয়।
এই তালিকাত দ্বিতীয়ত আছে ৬৯৯ ৰেটিং পইণ্টেৰে নিউজিলেণ্ডৰ দ্ৰুত বলাৰ জেকব ডফী। যি বৰুণতকৈ ১১৯ ৰেটিং পইণ্ট পিছ পৰি আছে।
৩৪ বৰ্ষীয় বৰুণে ৮১৮ ৰেটিং পইণ্টেৰে কেৱল টি ২০ৰ তালিকাতেই শীৰ্ষত উপনীত হোৱা নাই, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বলাৰৰ তালিকাৰো শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰিছে। সেই তালিকাত ৮ নম্বৰ স্থানত বৰুণ। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বলাৰৰ তালিকাত ৮৬৫ ৰেটিং পইণ্টেৰে শীৰ্ষত আছে পাকিস্তানৰ উমৰ গুলৰ নাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















