পেৰিছ অলিম্পিকত বৃহৎ ঢাক্কা বিনেশ ফোগেটলৈ৷
পেৰিছ অলিম্পিকে disqualified ঘোষণা কৰিলে বিনেশক৷
ফাইনেলত অংশ ল’ব নোৱাৰিব বিনেশ ফোগেটে৷
মহিলাৰ ৫০ কেজি শাখাত খেলত নামিছিল বিনেশ ফোগেট৷
কিন্তু বুধবাৰে পুৱা তেওঁৰ ওজন জোখোতেই সৃষ্টি হয় বেমেজালিৰ৷
ওজন জোখোতেই মাপ ১০০ গ্ৰাম বেছি হয়৷
ওজন খেলিমেলিৰ বাবেই বিনেশে খেলিব নোৱাৰিব ফাইনেল৷
বিনেশে পূৰ্বে ৫৩ কেজি শাখাত খেলিছিল৷
কিন্তু এইবাৰৰ অলিম্পিকত বিনেশে ৫০ কেজিৰ শাখাত খেলিছিল৷
অতিৰিক্ত ওজনৰ বাবেই ভিনেশক অযোগ্য ঘোষণা IOCৰ৷
৫০ কেজিতকৈ ১০০ গ্ৰাম ওজন বৃদ্ধিৰ বাবেই এই ৰায় IOCৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ