১৯৭৫ চনৰ এখন চিনেমা, যাৰ উপাৰ্জন আজিয়ো ৰেকৰ্ড হৈ আছে, ভংগ কৰিবলৈ সক্ষম হোৱা নাই কোনে চিনেমাই
হিন্দী চিনেমাৰ কথা আহিলে বহু হিট ছবিৰ নাম মনলৈ আহে। হিন্দী চিনেমাই সদায় দৰ্শকৰ হৃদয় জয় কৰি আহিছে আৰু ৰাইজৰ মাজত নিজস্ব পৰিচয় বজাই ৰাখিছে। কিন্তু হিন্দী চবি জহতৰ এখন এনে চিনেমা, যাৰ ৰেকৰ্ড আজিয়ো অক্ষত। মুক্তিৰ ৫০ বছৰৰ পাছতো সেই ছবিৰ জনপ্ৰিয়তা আৰপ উপাৰ্জনে কৰা ৰেকৰ্ড আজিৰ ২০০-৩০০ কোটি উপাৰ্জন কৰা ছবিয়েও ভংগ কৰিব পৰা নাই।
শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। ছবিখনৰ মুক্তিৰ পাছত ইমানেই জনপ্ৰিয় হৈছিল যে, তাৰ উপাৰ্জন তেতিয়াৰ দিনত বিশ্বাস কৰিবলৈ টান হোৱা এক ঘটনাৰ লেখীয়া।
সেই ছবিখন হৈছে- মাত্ৰ ২৫ লাখ টকাত নিৰ্মিত হোৱা ১৯৭৫ চনত মুক্তি পোৱা ‘জয় সন্তোষী মা’। ১৯৭৫ চনৰ ভক্তিমূলক ছবি ‘জয় সন্তোষী মা’ হিন্দী চিনেমাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ শ্লীপাৰ হিট হিচাপে প্ৰমাণিত ।
‘জয় সন্তোষী মা’ বক্স অফিচত ৫ কোটি টকা উপাৰ্জন কৰিছিল। বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ লগত সামঞ্জস্য কৰিলে এই সংখ্যা ১০০০ কোটি টকাৰ ওচৰ চাপিব। ইয়াৰ লগতে এই ছবিখন আজিলৈকে সৰ্বাধিক লাভজনক ভাৰতীয় ছবি, যাৰ অভিলেখ এতিয়াও অক্ষত আছে। এতিয়ালৈকে কোনো হিন্দী ছবিয়ে কেৱল ঘৰুৱা উপাৰ্জনত বাজেটতকৈ ২০গুণ বেছি উপাৰ্জন কৰিব পৰা নাই।
চিনেমাখনত কোনো ডাঙৰ তাৰকা নাছিল
আপোনালোকক কওঁ যে এই ছবিখন পৰিচালনা কৰিছিল বিজয় শৰ্মাই। এই ছবিখনত সন্তোষী মাৰ কাহিনী আৰু তেওঁৰ ভক্তসকলৰ প্ৰতি কেনেদৰে দয়ালু তাক দেখুওৱা হৈছে। লগতে তেওঁৰ অলৌকিক কাৰ্য্যও অনুসৰণ কৰা হৈছে। ছবিখনৰ কাষ্টৰ কোনো ডাঙৰ তাৰকা নাছিল যদিও ইয়াৰ পিছতো ছবিখনে দৰ্শকৰ হৃদয়ত এক অমলিন চিন ৰাখিছে, যিটো আজিও আছে।
তাৰোপৰি এই ছবিখনত কোনো খলনায়ক নাছিল আৰু কোনো ধৰণৰ কাজিয়া বা হিংসাও নাছিল। এই সকলোবোৰৰ মাজতো ছবিখনে দৰ্শকক যথেষ্ট আপ্লুত কৰিছিল। কওঁ যে ‘শোলে’ ছবিখনো ১৯৭৫ চনত মুক্তি পাইছিল, যাৰ বাজেট ‘জয় সন্তোষী মা’তকৈ ১২ গুণ বেছি আছিল। শ্বোলেৰ প্ৰাৰম্ভিক গ্ৰাছ আছিল ১৫ কোটি টকা, কিন্তু ইয়াৰ লাভৰ হাৰ আছিল ৪০০%, যিটো জয় সন্তোষী মাতকৈ বহু কম। কেৱল এয়াই নহয়, জয় সন্তোষী মাৰ বক্স অফিচৰ প্ৰদৰ্শনৰ তুলনাত বাহুবলী ২, দংগল, আৰ আৰ আৰৰ দৰে ছবিও ম্লান হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ