• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কানাডা ভাৰতৰ নতুন শত্ৰু নেকি? কানাডাত ভাৰতক আক্ৰমণ কৰিবৰ বাবেই কালসৰ্প পুঁহি থকা হৈছে নেকি? ক’ৰ পৰা আৰম্ভ হৈছে ভাৰত-কানাডাৰ বিবাদ?

কানাডা ভাৰতৰ নতুন শত্ৰু নেকি? কানাডাত ভাৰতক আক্ৰমণ কৰিবৰ বাবেই কালসৰ্প পুঁহি থকা হৈছে নেকি? ক’ৰ পৰা আৰম্ভ হৈছে ভাৰত-কানাডাৰ বিবাদ?

3 years ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

15 minutes ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

1 hour ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

1 hour ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

1 hour ago
বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

2 hours ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

2 hours ago
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

3 hours ago
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

3 hours ago
খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

3 hours ago
IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

IPLত চেম্পিয়নৰ দৰেই আৰম্ভণি বাংগালুৰুৰ, ২০২ ৰানত অনায়াসে জয় হায়দৰাবাদৰ বিৰুদ্ধে

3 hours ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

11 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কানাডা ভাৰতৰ নতুন শত্ৰু নেকি? কানাডাত ভাৰতক আক্ৰমণ কৰিবৰ বাবেই কালসৰ্প পুঁহি থকা হৈছে নেকি? ক’ৰ পৰা আৰম্ভ হৈছে ভাৰত-কানাডাৰ বিবাদ?

editor by editor
September 21, 2023
in বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
কানাডা ভাৰতৰ নতুন শত্ৰু নেকি? কানাডাত ভাৰতক আক্ৰমণ কৰিবৰ বাবেই কালসৰ্প পুঁহি থকা হৈছে নেকি? ক’ৰ পৰা আৰম্ভ হৈছে ভাৰত-কানাডাৰ বিবাদ?
0
SHARES
499
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত বিৰোধী শক্তি এতিয়া তুংগত উঠিছে কানাডাত৷ কানাডা প্ৰশাসনেও এই শক্তিক পূৰ্ণ সমৰ্থন জনাইছে বুলি উত্থাপিত হৈছে অভিযোগ৷ এজন খালিস্তান পন্থী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি ভাৰতক লক্ষ্য কৰি আঙুলি টোৱাইছে কানাডাৰ প্রধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে৷ ভাৰতৰ এজন দূতবাস কৰ্মীকো কানাডাই বহিষ্কাৰ কৰিছে৷ ভাৰতক প্ৰত্যাহ্বান জনাইছে এইবাৰ কানাডাই৷

কৰ পৰা আৰম্ভ হৈছিল এই বিবাদ? কানাডাত কালসৰ্প পুহি ৰাখিছে নেকি ট্ৰুডো চৰকাৰে? ভাৰতৰ সৈতে সংঘাত বঢ়াই নিজৰ বাবেই বিপদ বঢ়াইছে নেকি কানাডাই? এটা হত্যাকাণ্ডৰ পাছতেই দুই দেশৰ মাজত বিবাদ৷ হৰদ্বীপ সিঙৰ মৃত্যুক লৈ আৰম্ভ হৈছিল বিবাদ৷ হৰদ্বীপ সিং নিজ্জৰ খালিস্তান পন্থী সংগঠনৰ সদস্য৷ অভিযোগ মতে কানাডাত বহি ভাৰতত খালিস্তানী আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল হৰদ্বীপ সিঙে৷

কুখ্যত লৰেন্স বিষ্ণুৰ গেঙক আৰ্থিক সাহায্য প্ৰদান কৰি আহিছিল হৰদ্বীপ সিঙে বুলি অভিযোগ আছিল মৃত হৰদ্বীপ সিঙৰ বিৰুদ্ধে ৷ ২০২০চনত হৰদ্বীপ সিঙ নিজ্জৰক নিষিদ্ধ ঘোষণা কৰিছিল ভাৰতে৷ হৰদ্বীপ সিঙৰ মূৰৰ দাম ১০ লাখ বুলি ঘোষণা কৰিছিল NIAয়ে৷ সেই হৰদ্বীপ সিং নিজ্জৰক শেহতীয়াকৈ মৃত ঘোষণা কৰা হৈছে৷ হৰদ্বীপৰ মৃত্যুত ভাৰতৰ হাত আছে বুলি সংসদৰ বিশেষ অধিবেশনত মন্তব্য কৰিছিল কানাডাৰ প্রধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে৷ হৰদ্বীপৰ মৃত্যুক লৈ কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কানাডাত থকা জ্যেষ্ঠ কুটনীতিবিদক বিদায় দিয়ে৷ কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই কাৰ্যকলাপৰ প্ৰত্তুত্ত্যৰ ভাৰতেও দিছে৷ ভাৰতে প্ৰত্তুত্তৰত ভাৰতত থকা এজন জ্যেষ্ঠ কুটনীতিবিদক বহিষ্কাৰ কৰিছে৷

৫ দিনৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হৈছে কানাডাৰ কুটনীতিবিদগৰাকীক৷ তেওঁৰ বিৰুদ্ধে ভাৰত বিদেশ মন্ত্ৰণালয়ে অনা অভিযোগ অনুসৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত তেওঁ হস্তক্ষেপ কৰি আহিছে৷ ইয়াৰোপৰি ভাৰত বিৰোধী কামতো তেওঁ জড়িত হৈ আছে৷ ইয়াৰোপৰি ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে দিয়া বিবৃত্তিত উল্লেখ থকামতে, ‘কানাডাৰ হিংসাত্মক ঘটনাত ভাৰত চৰকাৰ জড়িত বুলি কানাডা চৰকাৰে অনা অভিযোগ সম্পূৰ্ণ ভুৱা৷ এয়া উদ্দেশ্য প্ৰণোদিত এক ভুৱা প্ৰচাৰ৷ খালিস্তান পন্থীক আশ্ৰয় দিয়াৰ কথাবোৰ তল পেলাবলৈকে কানাডা চৰকাৰে এই ধৰণৰ অপপ্ৰচাৰ চলাইছে৷ কানাডাই স্থান দিয়া খালিস্তানীসকল ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি৷ কানাডাই কিয় এইসকলক সংৰক্ষণ দি আছে সেই বিষয়টোহে উদ্বেগজনক৷’

উত্তৰ-প্ৰত্তুত্ত্যৰ দেখি দুই দেশৰ কুটনীতিবিদে প্ৰকাশ কৰিছে যে, এই সংঘাত আৰু বৃদ্ধি পাব৷ কাৰণ এতিয়াও পানী ঘোলা কৰা কাম কৰিয়েই আছে কানাডাই৷ এই ঘটনাৰ পাছতেই কানাডাৰ সৈতে থকা বাণিজ্যিক চুক্তি বাতিল কৰিছে ভাৰতে৷ ইফালে এদিন ভাৰতৰ প্রধানমন্ত্ৰী মোদীক কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ঠাট্টাসূচকভাৱে এটা কথা পূৰ্বেই সকীয়াইয়ো দিছিল৷ জাষ্টিন ট্ৰুডোৱে প্রধানমন্ত্ৰী মোদীক ধেমালীৰ চলেৰে কৈছিল, ‘আপোনাৰ মন্ত্ৰীসভাত যিমান শিখ মন্ত্ৰী আছে তাতকৈ হাজাৰগুণে বেছি শিখ মোৰ লগত আছে৷ মোৰ মন্ত্ৰীসভাত আপোনাৰ ইয়াত থকাতকৈ বেছি শিখ মন্ত্ৰী আছে৷’

কানাডাৰ পৰাই স্বাধীন খালিস্তান জন্ম দিয়াৰ পৰিকল্পনা চলাইছে একাংশ খালিস্তান পন্থী নেতাই বুলি বহুতেই অভিযোগো আনিছে৷ কাৰণ পঞ্জাৱৰ বাহিৰে কানাডাতেই সৰ্বাধিক শিখ সম্প্ৰদায়ৰ ব্যক্তিয়ে বাস কৰে৷ প্ৰায় ১৮ লাখ শিখ সম্প্ৰদায়ৰ মানুহ আছে কানাডাত৷ এই সংখ্যাৰেই বৃহৎ এক অংশই স্বাধীন খালিস্তানৰ সমৰ্থক৷ জাষ্টিন ট্ৰুডো প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই এইসকলৰ উত্থান হৈছে কানাডাত৷ শেহতীয়াকৈ সংঘটিত ঘটনাত খালিস্তানপন্থী সকলৰ বিৰুদ্ধে কানাডাতেই গৰজি উঠিছে একাংশ প্ৰৱাসী ভাৰতীয়ও৷ খালিস্তান টাইগাৰ্ছ ফৰ্ছৰ বিৰুদ্ধে গৰজি উঠিছে তাত থকা প্ৰৱাসী ভাৰতীয়ই৷

উল্লেখ্য যে জি-২০ বৈঠকৰ শেষৰ দিনটোত ভাৰতৰ প্রধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল কানাডাৰ প্রধানমন্ত্ৰী৷ সেই বৈঠকতেই মোদীয়ে খালিস্তানপন্থীসকলক সহায় কৰাৰ বাবে ট্ৰুডোক বিশেষভাৱে সকীয়াইয়ো দিছিল৷ কিন্তু এই সকীয়নীৰ পাছতেই দেশলৈ গৈ ভাৰতক কটাক্ষ কৰি সংসদত বক্তব্য ৰাখিছে ট্ৰুডোয়ে৷ শেহতীয়াকৈ ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে, ভাৰত বিৰোধী কাৰ্যকলাপ বন্ধ নকৰিলে কানাডাৰ সৈতে বাণিজ্যিক চুক্তি বাতিল কৰিবলৈ বাধ্য হ’ব ভাৰতে৷ এনেকৈ মুক্ত বাণিজ্য কৰা সম্ভৱ নহয়৷ আগন্তুক অক্টোবৰৰ পৰাই বাণিজ্যিক চুক্তিসমূহ আগুৱাই নিয়াৰ কথা আছিল ভাৰত-কানাডাৰ৷ কিন্তু এই ঘটনাৰ পাছতেই দুই দেশৰ মাজত মুক্ত বাণিজ্যিক চুক্তি কেতিয়া ৰূপায়ন হ’ব সেই বিষয়টোতো অনিশ্চয়তা আহি পৰিছে৷

ঘটনাক লৈ হোৱাইট হাউছেও দিছে বিশেষ বিবৃতি৷ হোৱাইট হাউছৰ বিবৃত্তিত লিখা হৈছে, ‘কানাডা চৰকাৰে যি কাম কৰি আছে সেয়া উদ্বেগৰ বিষয়৷ আমি উদ্বিগ্ন হৈছো৷ কানাডাৰ সৈতে আমি নিয়মিত যোগাযোগ ৰাখি আহিছো৷ এই ঘটনাক লৈ বিস্তাৰিত তদন্ত হওক৷ দোষী প্ৰমাণিত হ’লে তেওঁলোকৰ বিৰুদ্ধে পন্থা ল’ব লাগিব৷ কিন্তু এনেকৈ চালে-বেৰে কোবাই ভাৰতক দোষাৰোপ কৰাটোক আমি কোনো কাৰণতে সমৰ্থন নকৰো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?
খাদ্য

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

March 29, 2026
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য
জীৱনশৈলী

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

March 29, 2026
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ
জীৱনশৈলী

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

March 29, 2026
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত
জীৱনশৈলী

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

March 29, 2026
Next Post
‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

‘কংগ্ৰেছ ডাঙৰ নে গান্ধী পৰিয়াল ডাঙৰ? বুকু থপৰিয়াই বিজেপিৰ সদস্যই ক’ব ভাৰত মাতা কি জয়’, কোনে ক’ত কিয় এনেদৰে ক’লে গান্ধী পৰিয়ালক?

গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?

গণেশ চতুৰ্থীত ৰিলায়েন্সে মুকলি কৰিলে জিঅ’ এয়াৰ ফাইবাৰ, কি এই জিঅ’ এয়াৰ ফাইবাৰ? ইয়াৰ পৰা কি লাভ হ’ব ব্যৱহাৰকাৰীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.