এইবাৰ দেশৰ কৃষৰক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাৰী নিক্ষেপ কৰা হৈছে৷ সোমবাৰে বেংগালুৰুৰ প্ৰেছ ক্লাবৰ গান্ধী ভৱনত এই কাণ্ড সংঘটিত কৰিছে কোনো লোকে৷
প্ৰকাশিত বাতৰি মতে কৃষক নেতা ৰাকেশ টিকেইটে এখন সংবাদ মেল সম্বোধন কৰি থকাৰ সময়তে প্ৰায় একডজন লোকে প্ৰৱেশ কৰি তেওঁৰ মুখলৈ ক’লা চিঞাহী নিক্ষেপ কৰে৷
লোককেইজনে সংবাদ মেলখনত সাংবাদিকক সম্বোধন কৰি থকা কৃষক নেতাগৰাকীৰ নিচেই ওচৰ চাপি চিঞাহী নিক্ষেপ কৰাৰ ফলতে পৰিৱেশটো উত্তপ্ত হৈ পৰে৷
লগতে পঢ়ক মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?
লোকসকলে প্ৰৱেশ কৰি সংবাদ মেলখন চকী দলিয়াই পৰিৱেশ উত্তাল কৰি তোলাত সংবাদ মেলখন বিশৃংখলতাই বিৰাজ কৰে৷
ৰাকেশ টিকেইটতে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰা তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে ষ্টিং অপাৰেচনত কৰ্ণাটকৰ এজন কৃষক নেতাই ধন দাবী কৰাৰ অভিযোগ সন্দৰ্ভত এই সংবাদ মেল সম্বোধন কৰিছিল বুলি জানিব পৰা গৈছে৷
লগতে পঢ়ক কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!
এই কাণ্ডৰ পিছতে কৃষক নেতা ৰাকেশ টিকেইটে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিছে৷ কৰ্ণাটকৰ বিজেপি চৰকাৰে তেওঁৰ সংবাদ মেলখনত নিৰাপত্তা প্ৰদান কৰা নাছিল বুলিও কৃষক নেতাগৰাকীয়ে দাবী কৰিছে৷
‘‘ইয়াত স্থানীয় আৰক্ষীয়ো কোনো নিৰাপত্তা প্ৰদান কৰা নাছিল৷ চৰকাৰৰ সহযোগতে এই কাম কৰা হৈছিল৷’’ সংবাদ সংস্থা এনআইএ-এ ৰাকেশ টিকেইটৰ উদ্ধৃতিৰে এইদৰে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ