এক আশ্বৰ্যজনক ঘটনা পোহৰৈ আহিছে৷ শনিবাৰে প্ৰকাশ পোৱা অনুসৰি এগৰাকী কিশোৰে দক্ষিণৰ ব্লকবাষ্টাৰ ছবি কেজিএফ চেপ্টাৰ টু চাই চিগাৰেট হুপি চিকিৎসাধীন হ’বলগীয়া হৈছে৷
প্ৰকাশিত খবৰ মতে হায়দৰাবাদৰ এগৰাকী ১৫ বছৰীয়া কিশোৰে কেজিএফ চেফ্টাৰ টু মূল চৰিত্ৰ ৰ’কি ভাইৰ দ্বাৰা অণুপ্ৰাণিত হৈ চিগাৰেট হুপি অসুস্থ হৈ পৰে৷
কিশোৰজনে কেজিএফ চেপ্টাৰ টু ছবিখন মাত্ৰ দুটা দিনতে তিনিবাৰকৈ দৰ্শন কৰাৰ পিছতে একেৰাহে এটা পেকেট চিগাৰেট হুপি অসুস্থ হৈ পৰাৰ পিছতে শনিবাৰে চহৰখনৰ চেঞ্চুৰি হাস্পতালত ভৰ্তি কৰোৱা হয়৷
লগতে পঢ়ক মুখ্যমন্ত্ৰী মানৰ পুনৰ চমক! ৪২৪ ভিআইপিৰ নিৰাপত্তাৰক্ষী তাৎক্ষণিকভাৱে কৰ্তন
কিশোৰগৰাকীয়ে ছবিখন চাই এনে দৰে প্ৰভাৱিত হৈ পৰিছে মূল চৰিত্ৰ ৰ’কি ভাইৰ সম্পূৰ্ণ আদৱ কায়দাকো অনুসৰণ কৰিবলৈ ধৰিছে৷
চিকিৎসকে হাস্পতালখনত কিশোৰজনক চিকিৎসা কৰি থকাৰ সমান্তৰালভাৱে কাউন্সিলিঙো কৰি থকা হৈছে বুলি প্ৰকাশ কৰিছে৷
‘‘ৰ’কি ভাইৰ দৰে চৰিত্ৰৰ দ্বাৰা কিশোৰসকল অতি সহজে প্ৰভাৱিত হয়৷ এই কিশোৰটিয়ে ৰ’কি ভাইৰ দ্বাৰা প্ৰভাৱিত হৈ একেৰাহে এটা পেকেট চিগাৰেট হোপে৷’’ চিকিৎসক ডাঃ ৰোহিত ৰেড্ডী পাঠুৰীয়ে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ